আলাবৈৰ ৰণ স্মৃতি সৌধ নিৰ্মাণস্থলীত অঘটন

ৰেংক প্ৰজেক্ট এণ্ড ডেভেলপমেণ্ট প্ৰা:লি:নামৰ প্ৰতিষ্ঠানটোৰ গাফিলতিৰ বাবেই শ্ৰমিকগৰাকী মৃত্যুমুখত পৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ কামৰূপৰ পছৰীয়াৰ আলাবৈৰ ৰণ স্মৃতি সৌধ নিৰ্মাণস্থলীত অঘটন।  আলাবৈৰ নিৰ্মাণ কাৰ্যস্থলীত এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত্যু শ্ৰমিক গৰাকী বকোৰ মৰাকুছিৰ চাজিউদ্দিন আলি। 

উল্লেখ্য যে, ৰেংক প্ৰজেক্ট এণ্ড ডেভেলপমেণ্ট প্ৰা:লি:নামৰ কোম্পানীটোৱে লাভ কৰিছে আলাবৈৰ ৰণ স্মৃতি সৌধ নিৰ্মাণ কামৰ দায়িত্ব। ইপিনে ট্ৰেক্টৰৰে আলাবৈৰ পাহাৰৰ নিৰ্মাণস্থতীত গৈ থকা  সময়তে ট্ৰেক্টৰসহ  শ্ৰমিক গৰাকী তললৈ বাগৰি পৰি গুৰুতৰভাৱে আহত হৈছিল। আনফালে, নিৰ্মাণ প্ৰতিষ্ঠানটোৰ গাফিলতিৰ বাবেই শ্ৰমিকগৰাকীয়ে মৃত্যুমুখত পৰিবলগীয়া হয়। 

তাৰোপৰি এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে- আলাবৈৰ ৰণ স্মৃতিৰ সৌধ নিৰ্মাণ প্ৰতিষ্ঠাটোৰ শ্ৰমিকৰ বাবে কোনো ধৰণৰ  সুৰক্ষা ব্যৱস্থা তথা দায়িত্ব নোহোৱাৰ। কিয় এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ  প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে দদৰা আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে ৷

অসম