/asomiyapratidin/media/media_files/2025/09/18/cxdfdfecsc-2025-09-18-11-04-29.jpg)
ডিজিটেল সংবাদ,শুৱালকুছিঃ কামৰূপৰ বংশৰত নৱম শ্ৰেণীৰ ছাত্ৰী ধৃতিমা দাসে লিখা “অস্তিত্ব” শীৰ্ষক উপন্যাসখন পিতৃ নাৰায়ণ দাসৰ জন্মদিনত উপহাৰস্বৰূপে উন্মোচন কৰে। পিতৃলৈ উৎসৰ্গিত এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় যাত্ৰা পুথিভঁৰালৰ প্ৰাংগণত।
গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজিত এই অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নিৰাৰঞ্জন কলিতাই। অনুষ্ঠানটি সঞ্চালনা কৰে শিক্ষাবিদ কনক দাসে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/18/capturenjmknmkh-2025-09-18-11-05-49.jpg)
এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বংশৰ আৰু শুৱালকুছি অঞ্চলৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে অসংখ্য ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ধৃতিমা দাসৰ এই সাহিত্যিক প্ৰচেষ্টাক উপস্থিত সকলোৱে প্ৰশংসা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us