/asomiyapratidin/media/media_files/2026/02/23/whatsapp-imag-2026-02-23-09-37-24.jpeg)
ডিজিটেল ডেস্কঃ কামৰূপৰ বংশৰত স্বেচ্ছাসেৱী সংগঠন লক্ষ্মী সৰস্বতী স্মৃতি মিছনৰ প্ৰশংসনীয় পদক্ষেপ। কামৰূপ ঐতিহাসিক ভৃঙ্গেশ্বৰ দেৱালয়ত প্ৰাংগণত গুৱাহাটীৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ’লক্ষ্মী সৰস্বতী স্মৃতি অভিযান ” নামৰ সংগঠনটোৱে অঞ্চলটোৰ মহিলা গোটৰ মাজত নাম প্ৰসংগ আয়োজন কৰি ধৰ্মীয় সামগ্ৰী বিতৰণ কৰাৰ লগতে অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোক তথা বৰণ্য ব্যক্তি সকলক সন্মান তথা সম্বৰ্দ্ধনা জনোৱা হয় ৷
/asomiyapratidin/media/post_attachments/2b3204ed-077.png)
উল্লেখ্য যে, বন্তি প্ৰজ্বালন আৰু স্মৃতি তৰ্পণেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। গাম্ভীৰ্যপূৰ্ণ আৰু ধাৰ্মিক অনুষ্ঠানটিত অঞ্চলটোৰ কেইবাগৰাকীও বয়োজ্যেষ্ঠ ব্যক্তি , অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী উপস্থিত থাকে।
এই লোকসকলক সমাজখনৰ প্ৰতি আগবঢ়োৱা সমাজ কল্যাণমূলক সেৱাৰ বাবে ফুলাম গামোচা,ধৰ্মীয় পুঁথি মানপত্ৰ,জাপিৰে সম্ভাষণ জনায় ৷ আনফালে অনুষ্ঠান উপস্থিত থকা আই মাতৃ সকলক নাম প্ৰসংগৰ সাজ পাৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। মূলতঃ সমাজত মহিলা আৰু শিশু সকলৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্য এই সজাগতামুলক অনুষ্ঠানৰ আয়োজন কৰে।
/asomiyapratidin/media/post_attachments/7a2b5d89-5d0.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us