কটন বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ৰাজ্যত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অৱ্যাহত আছে মিশ্ৰিত প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তত দল- সংগঠনৰ লগতে ছাত্ৰ- ছাত্ৰীসকলেও এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে

author-image
Asomiya Pratidin
New Update
352

ডিজিটেল ডেস্ক : ৰাজ্যত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অৱ্যাহত আছে মিশ্ৰিত প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তত দল- সংগঠনৰ লগতে ছাত্ৰ- ছাত্ৰীসকলেও এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কোনোৱে যদি ইয়াক লৈ আনন্দিত, আন কোনোৱে আকৌ ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। 

ইয়াৰ মাজতে দেওবাৰে ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজি দিনৰ ভাগত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক কেন্দ্ৰ কৰি ছাত্ৰ- ছাত্ৰীসকলে এই প্ৰতিবাদ সাৱ্যস্ত কৰে। 

উল্লেখযোগ্য যে, বড়ো, কাৰ্বি, মিচিংকে ধৰি ৮টা জনজাতিৰ ছাত্ৰ- ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে বিশ্ববিদ্যালয়খনৰ দুৱাৰমুখত।

cotton univeristy