হেঁপাহ পূৰ্ণ হ'ল অসম অন্ধ শিশু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হ’লত ৰৈ ৰৈ বিনালে অনুভৱ কৰিলে বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে।  প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা “ৰৈ ৰৈ বিনালে” চোৱাৰ হেপাঁহ আছিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ।

author-image
Asomiya Pratidin
New Update
244

ডিজিটেল সংবাদ, বিহপুৰীয়া : বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হ’লত ৰৈ ৰৈ বিনালে অনুভৱ কৰিলে বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে।  প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা “ৰৈ ৰৈ বিনালে” চোৱাৰ হেপাঁহ আছিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ।

নাছিল কোনো সুযোগ আৰু সুবিধা ।  অৱশেষত সেই সুযোগ আৰু সুবিধা কৰি দিলে জুবিন গাৰ্গ ফেন ক্লাৱে। ওলাই আহিল লখিমপুৰ জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ নৰ বায়ন আৰু যোৰহাটৰ জুবিন গাৰ্গৰ বাল্যবন্ধু  ঋতুৰাজ বৰবৰা।

জুবিন ফেন ক্লাৱৰ তত্বাবধানত এই দুয়োগৰাকী ব্যক্তিয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক নিজা খৰচত দেখুৱালে চিনেমাখন। জুবিন ফেন ক্লাৱৰ হৈ যাদৱ দাস, কাকু গগৈ, জিতেন বৰাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়খনৰ পৰা সুকলমে আনি প্ৰেৰণা চিনেমা হলত “ৰৈ ৰৈ বিনালে” উপভোগ কৰাৰ সুবিধা কৰাৰ লগতে চিনেমা চোৱাৰ সময়ছোৱাত যাতে ছাত্ৰছাত্ৰী সকলে কোনো অসুবিধাৰ সন্মুখিন নহয় তাৰ প্ৰতি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

সমান্তৰালভাৱে প্ৰেৰণা চিনেমা হ’ল কৰ্তৃপক্ষৰ হৈ সঞ্চালক হেমচন্দ্ৰ বৰুৱাই ছাত্ৰ-ছাত্ৰীক লঘু আহাৰৰ ব্যৱস্থা কৰি দিয়ে । ইপিনে ৰৈ ৰৈ বিনালে চিনেমাখন চোৱাৰ পূৰ্বে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰে।

প্ৰিয় শিল্পীগৰাকীৰ এখন ফটোলৈ প্ৰেৰনা চিনেমা হললৈ “ৰৈ ৰৈ বিনালে” ছবিখন চাবলৈ যোৱা এই সকল বিশেষভাৱে সক্ষম দৰ্শকক দেখি প্ৰেৰণা চিনেমা হলত অগনন লোকৰ সমাগম হয় । আৰু সকলোৱে জয় জুবিনদা ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে ।  

ইপিনে চিনেমাখন উপভোগ কৰি বিশেষভাৱে সক্ষম এই ছাত্ৰ-ছাত্ৰীসকল আৱেগিক হৈ পৰে লগতে চিনেমাখন উপভোগ কৰিবৰ বাবে সুবিধা প্ৰদান কৰা ব্যক্তিসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। শেষত প্ৰেৰণা চিনেমা হল কতৃপক্ষৰ তৰফৰ পৰা এটি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি ঋতুৰাজ বৰবৰাসহ নৰ বায়নৰ সহধৰ্মীনিক সম্বৰ্ধনা জ্ঞাপন কৰে।

যাদৱ দাসে আঁ তধৰা এই অনুষ্ঠানত সঞ্চালক হেমচন্দ্ৰ বৰুৱাই ফুলাম গামোচাৰে তেখত সকলক সম্বৰ্ধনা জনায়। অনুষ্ঠানত জিতেন বৰা, কাকু গগৈ ,বিশ্ব শইকীয়া, সমীৰণ বুঢ়াগোহাঁই উপস্থিত থাকে ।

শিশু