/asomiyapratidin/media/media_files/2025/12/02/371-2025-12-02-14-56-17.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলা সদৰ কাজলগাঁওস্থিত ইউ এন ব্ৰহ্ম মহাবিদ্যালয় চৌহদত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠান তথা মহাবিদ্যালয়ৰ পৰা অহা জনজাতীয় ছাত্ৰ ছাত্ৰীসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃত জনজাতিসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰি নতুনকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক, জনজাতি সকলৰ অস্তিত্ব ৰক্ষা কৰক, জনজাতি বিৰোধী অসম চৰকাৰ হুচিয়াৰ, ইউপিপিএল হুচিয়াৰ, বিপিএফ হুচিয়াৰ, বিজেপি হুচিয়াৰ আদি শ্লোগানেৰে প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/whatsapp-imag-2025-12-02-14-56-05.jpeg)
জনজাতিসকলৰ সাংবিধানিক অধিকাৰ, পৰিচয় আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছো আগলৈ আমাৰ এই প্ৰতিবাদ অব্যাহত ৰাখিম বুলি হুংকাৰ প্ৰদান কৰে । ইয়াৰ পিছতো যদি নতুনকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি সলনি নকৰে তেনেহ'লে আমি জনজাতি ছাত্ৰ-ছাত্ৰীসকলে ইয়াতকৈও অধিক জংগী আন্দোলন কাৰ্যসূচীৰ হাতত ল'বলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us