/asomiyapratidin/media/media_files/2025/08/14/kokrajhar-14-2025-08-14-23-10-10.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ AISECT আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধীনস্থ নিবেদিতা নাৰ্ছিং একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে আজি প্ৰতিষ্ঠানটোৱে ভুৱা চাৰ্টিফিকেট দিয়াৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে । কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ ব্ৰহ্ম কমপ্লেক্সৰ বিল্ডিংত থকা নিবেদিতা নাৰ্ছিং একাডেমীৰ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে কয় যে প্ৰতিষ্ঠানটোৱে তেওঁলোকক দিয়া ডিপ্লোমা চাৰ্টিফিকেট সমূহ কোনো হাস্পতাল বা ব্যক্তিগত হোমত গ্ৰহণ কৰা হোৱা নাই ।
উক্ত প্ৰতিষ্ঠানটোৰ অধ্যক্ষৰূপে প্ৰবীৰ ঘোষে কাৰ্যনিৰ্বাহ কৰি আছে বুলি সদৰি কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। আনহাতে ছাত্ৰ ছাত্ৰীসকলে অভিযোগ কৰা মতে পৰীক্ষাত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়ে অনুত্তীৰ্ণ হয় আৰু এগৰাকী শিক্ষকে অনুত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা পুনঃ পৰীক্ষাৰ বাবে ৫,০০০ টকাকৈ লয়।
ধনৰ বিনিময়ত পিছত ৬০ জন ছাত্ৰ -ছাত্ৰীক উত্তীৰ্ণ কৰাই দিয়ে বুলি অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীসকলে। তেওঁলোকে চাৰ্টিফিকেটসমূহ ভুৱা হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি তেওঁলোকক প্ৰকৃত চাৰ্টিফিকেট দিয়াৰ দাবী জনাইছে। অন্যথা প্ৰতিষ্ঠানটো বন্ধ কৰি দিবলৈ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে ।
প্ৰতিষ্ঠানটোত ছাত্ৰ -ছাত্ৰী প্ৰতিবাদৰ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰতিষ্ঠানটোৰ অধ্যক্ষৰ লগতে এগৰাকী শিক্ষকক সোধপোছৰ বাবে আটক কৰি থানালৈ লৈ আহে। উক্ত ঘটনাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ সকলোৱে উদ্বিগ্ন হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিবলৈ সকলোৱে দাবী উত্থাপন কৰিছে ।