/asomiyapratidin/media/media_files/2025/09/02/ijjjd-2025-09-02-09-45-31.jpg)
ডিজিটেল ডেস্কঃ বনজুঁইৰ দৰে সামাজিক মাধ্যমত বিয়পি পৰিছে এটা বিশেষ ভিডিঅ। এগৰাকী যুৱতীয়ে গালত পূৰ্ণহতীয়া এটা চৰ শোধোৱাৰ পাছতে অট্টালিকাৰ পৰা জাঁপ দিলে এজন যুৱকে। যাৰফলত যুৱকজনৰ থিতাতে মৃত্যু হয়। এটা বহুমহলীয়া অট্টালিকাৰ ২নং মহলাৰ পৰা জাঁপ দিয়া যুৱকজনৰ পৰিচয় অৱশ্যে কতোৱেই উল্লেখ নাই।
ইফালে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, নিহত হোৱা যুৱকজন আৰু চৰ শোধোৱা যুৱতীগৰাকী একেখন বিশ্ববিদ্যালয়ৰ। উক্ত ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে যুৱতীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ সন্মুখত সকলোৰে আগত চৰ শোধাইছিল যুৱকগৰাকীক। যাৰ বাবে যুৱকগৰাকীয়ে অত্যাধিক লাজ পাইছিল।
নিজকে মানসিকভাৱে চম্ভালিব নোৱাৰি অৱশেষত এনে সিদ্ধান্ত গ্ৰহণ কৰে বুলি খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত। সামাজিক মাধ্যমত বিয়পি পৰা এই ভিডিঅটো কোনখন বিশ্ববিদ্যালয়ৰ সেয়াও এতিয়ালৈকে পোহৰলৈ অহা নাই। ভিডিঅটোত দেখা গৈছে যে, যুৱকজন ওপৰৰ পৰা পৰাৰ লগে লগে মৃত্যু হয়। দেহৰ পৰা তেজ বৈ অহাৰ লগতে মূৰৰ অংশ একেবাৰে নষ্ট হৈ পৰে।
@Zoyakhan7025 নামৰ এটা একাউন্টৰ পৰা এই ভিডিঅটো প্ৰথম আপলোড হৈছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে। ইফালে এই ঘটনাক লৈ সামাজিক মাধ্যমত নেটিজেন সকলে দোষাৰূপ কৰিছে উক্ত যুৱতীগৰাকীক। সবিশেষ ঘটনা এতিয়াও পোহৰলৈ আহিবলৈ বাকী আছে।