/asomiyapratidin/media/media_files/2025/11/17/whatsapp-image-2025-11-17-17-41-27.jpeg)
ডিজিটেল সংবাদ,খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিজ্ঞানভিত্তিক প্ৰতিযোগিতাৰে বিজ্ঞানৰ এবেলা। বিজ্ঞান-প্ৰযুক্তিবিদ্যাই মানৱ সমাজক দিয়ে মানৱসৃষ্ট উপহাৰ। আৰু তেনেবোৰ উদ্দেশ্য সন্মুখত লৈয়ে খেৰণি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ৰংখাং খণ্ডৰ উদ্যোগত যোৱা ৰবিবাৰে অনুষ্ঠিত হয় দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞানভিত্তিক চিত্ৰাংকণ, আৰ্হি প্ৰকল্প, আইডিয়া আৰু আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতাৰ।
উল্লেখযোগ্য যে ৰংখাং খণ্ডৰ বিজ্ঞান কেন্দ্ৰৰ সভাপতি অতুল শৰ্মাই মুকলি কৰা আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ৰংখাং খণ্ডৰ সমন্নয়ক বীৰেন ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিযোগিতা অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ ২৬ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ উপস্থিতিত বৃহত্তৰ অঞ্চলটোৰ ১৭ খন বিদ্যালয়ৰ ২০২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ বহিঃপ্ৰকাশ কৰে প্ৰতিযোগিতাৰ জৰিয়তে।
আনফালে প্ৰতিযোগিতাৰ বিচাৰক হিচাপে ধন কুমাৰ চৌহান, তামাল বনিক, মুন্না পাল, শিৱ যাদৱ, ৰহণ চাংমা, সুমন ঝা, ছাৰ-ইম ৰংহাং, জগদীশ কলিতা, অতুল শৰ্মা, ববিতা পাঠক আৰু প্ৰণৱ শৰ্মাই বিচাৰ কৰা প্ৰতিযোগিতাসমূহৰ ভিতৰত আৰ্হি প্ৰকল্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চাহিল উদ্দীন আৰু চাজিত হুছেইনে বিপৰীতে দ্বিতীয় স্থান লাভ কৰে হিমাশ্ৰী ৰংফাৰপী আৰু ৰস্মিতা টেৰণপিয়ে লগতে তৃতীয় স্থান লাভ কৰে আঙ কাথাৰ আৰু চুবন মিলিয়ে।
একেদৰে চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চুৰজ ৰংহাঙে আৰু কুসুম ভগতে লাভ কৰে দ্বিতীয় স্থান লগতে তৃতীয় স্থান লাভ কৰে খুচি ছেত্ৰীয়ে। সমান্তৰালকৈ আইডিয়া প্ৰতিযোগিতাত ৰুণ কেম্প্ৰাইয়ে প্ৰথম স্থান, লখিমী ফাংচপিয়ে দ্বিতীয় স্থান আৰু হেমন্ত ৰাজভৰে তৃতীয় স্থান লাভ কৰে। ইয়াৰ উপৰিও আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ৰূপচাৰজিৰ ৰংফাৰপিয়ে প্ৰথম স্থান, আলিজীউছ চিংথঙে দ্বিতীয় স্থান আৰু অংশুমণি ডাহালে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
প্ৰণিধানযোগ্য যে স্থানপ্ৰাপ্ত প্ৰতিযোগিক প্ৰমাণ পত্ৰৰে সন্মানিত আৰু স্বীকৃতি দিয়াৰ লগতে শিক্ষামূলক সামগ্ৰীৰে পুৰস্কৃতও কৰা পৰিলক্ষিত হোৱাৰ লগতে স্থানপ্ৰাপ্ত প্ৰতিযোগীক জিলা ভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবেও নিৰ্বাচিত কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us