/asomiyapratidin/media/media_files/2025/12/19/whatsapp-image-2025-12-19-11-33-11.jpeg)
প্ৰকাশ মহন্ত
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হোৱা ৩মাহ সম্পূৰ্ণ হ’ল। জুবিনৰ সন্দৰ্ভত এই সময়ছোৱাত কোনো কথাই মই লিখা নাই। কিন্তু সমগ্ৰ ঘটনাৰাজি প্ৰতিদিনাই সূক্ষ্মভাৱে লক্ষ্য কৰি আহিছো। জুবিনকেন্দ্ৰিক কথা- বতৰাবোৰে সম্প্ৰতি যি জঘন্য পৰিৱেশৰ সৃষ্টি কৰিছে, সেই সময়ত মোৰ উপলব্ধিৰে কিছু কথা কৈ থোৱা ভাল বুলি অনুভৱ কৰিছো।
জুবিনৰ মৃত্যুৰ পাছত সেই শোক আৰু দুখে কেৱল অসমে নহয়, সমগ্ৰ দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্ত জোকাৰি গৈছে। যোৱা ৩মাহ ধৰি জুবিনপ্ৰেমী আৰু তেওঁক ভালপোৱা মানুহবোৰে এক অকল্পনীয় পৰিৱেশৰ সন্মুখীন হৈছে।
তেওঁৰ অনুপস্থিতিৰ এই সময়বোৰ বৰ বেদনাদায়ক। জুবিনৰ মৃত্যুৰ দিনটোৰ পৰা এই মৃত্যুৰ ন্যায় বিচাৰি সমগ্ৰ দেশজুৰি মানুহ ৰাজপথলৈ ওলাই আহিছে। তেওঁৰ সোণাপুৰৰ সমাধিস্থলীত সহস্ৰাধিক লোকে আজিও ভিৰ কৰেহি।
জুবিনক মানুহে দেৱতাৰ শাৰীলৈ উত্তীৰ্ণ কৰাই সমাধিস্থলীত চাকি-বন্তি জ্বলোৱাৰ লগতে প্ৰসাদ অৰ্পণ কৰাতো নিয়মত পৰিণত হৈছে। অসমৰ মঠ- মন্দিৰবোৰত জুবিনৰ ফটোৰ আগত চাকি- বন্তি আজিও জ্বলি আছে। এক কথাত ক’বলৈ গ’লে জুবিনৰ দৰে এজন মহান শিল্পীক ভগৱানৰ আদালতে ইতিমধ্যে ন্যায় দিছে আৰু ভগৱানেও তেওঁক নিজৰ শাৰীত ৰখাইছে।
যদিহে জুবিনৰ ছিংগাপুৰত মৃত্যু নহ’লহেতেঁন, কেনেবাকৈ ৰোগাক্ৰান্ত হৈ অসমতে মৃত্যু হ’লহেঁতেন তেন্তে এনে শ্ৰদ্ধা আৰু সন্মান জুবিনে পালেহেতেঁন বুলি মনে নধৰে। জুবিন আছিল এজন শুদ্ধ অন্তৰৰ ব্যক্তি আৰু আৰ্তজনৰ সেৱক।
সেই বাবে হয়তো জুবিনে ভগৱানৰ বিচাৰত এনে ন্যায়, সন্মানৰ প্ৰাপ্তিৰ বাবে যোগ্য বিবেচিত হৈছে। কিন্তু অসমৰ নিঃস্বাৰ্থভাৱে জুবিনক ভালপোৱা লোকসকলৰ বিপৰীতে এচাম চিন্তাশীল মহলে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ নিজৰ সপক্ষে- বিপক্ষে বতাহ বলোৱা নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। এয়া অতি দুৰ্ভাগ্যজনকে নহয়, চিন্তনীয় আৰু ঘৃণনীয়।
জুবিনক হত্যা কৰা হৈছেনে, কাৰোবাৰ অৱহেলাৰ বাবে জুবিনৰ মৃত্যু হৈছিল নেকি, এই ঘটনাৰ বাবে জগৰীয়াসকলৰ শাস্তি কি হ’ব সেই সন্দৰ্ভত চলা তদন্তৰ সবিশেষ ন্যায়ালয়ৰ মজিয়াত দাখিল কৰা হৈছে। বিশেষ তদন্তকাৰী দলে দাখিল কৰা ৩হাজাৰ ৫শ পৃষ্ঠাৰো অধিক পৃষ্ঠাৰ অভিযোগনামা আদালতত জমা দিয়াৰ পাছত তাক লৈও এচামে আলোচনা- সমালোচনা অৱ্যাহত ৰাখিছে।
তদন্তকাৰী গোটে এই তদন্ত প্ৰক্ৰিয়াত কি অৱহেলা কৰিলে, তদন্ত প্ৰক্ৰিয়াত কোনে, কি স্বাৰ্থত, কি ভূমিকা পালন কৰিলে, কাৰোবাক দোষী কৰি, কাৰোবাক নিৰ্দোষী সজোৱাৰ ৰাজনৈতিক স্বাৰ্থকেন্দ্ৰিক টনা- আজোৰা সমূহ দেখি ব্যথিত হৈছো। যিকোনো এজন বন্দিত ব্যক্তি মৃত্যুৰ পাছত প্ৰশংসিত হয়।
তেওঁৰ মৃত্যু ৰহস্যজনভাৱে হ’লেও সেই ঘটনাৰ তদন্ত উচ্চ পৰ্যায়ত নিৰপেক্ষভাৱে হোৱাতো সকলোৱে বাঞ্চা কৰে। আমাৰ সেই পৰম্পৰাৰ বিপৰীতে বিৰক্তিদায়ক, উদ্দেশ্যপ্ৰণোদিত বুলি সন্দেহ কৰিব পৰা চৰ্চা আৰু সমালোচনা কেতিয়াও কাম্য নহয়। জুবিনৰ মৃত্যুৰ পাছত আমি এনেবোৰ কথাৰ পয়োভৰহে বেছি দেখিছো।
জুবিনৰ সৈতে কাৰোবাৰ নিৰিবিলি মুহূৰ্তৰ কথা, তেওঁৰ সৈতে থকা ঘনিষ্ঠতা, গীত বাণীবন্ধনৰ সময়ৰ দৃশ্য, কিতাপ- পত্ৰ লেখা আদিৰ জৰিয়তে এচাম যেন আত্ম প্ৰচাৰৰ ব্যৱসায়ত ব্যস্ত হৈ পৰিছে। ৰীতা চৌধুৰীৰ দৰে চিন্তাশীল আৰু উচ্চ শিক্ষিত লোকো এই অভিযোগৰ আওতাত পৰিছে।
এচাম মানুহে জুবিনক পৰোক্ষ- প্ৰত্যক্ষভাৱে এজন বেয়া মানুহৰ এক ধাৰণাৰ মাজত জুবিনক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এইবোৰ পৰিস্থিতি আৰু বিতৰ্কৰ মাজত জুবিনক লৈ চলা এই টনা- আজোৰা ব্যক্তিগত মুনাফা, ৰাজনৈতিক মুনাফা লভাৰ এক প্ৰতিযোগিতা চলিছে।
আনকি, জুবিনৰ পৰিবাৰ গৰিমা শইকীয়া গাৰ্গকো সমালোচনাৰ কাঠগড়াত উঠাই দিয়া হৈছে। সকলো পক্ষই নিজস্বঃ ধৰণে জুবিনক ব্যৱহাৰ কৰা এই প্ৰতিযোগিতা অতি লজ্জাজনক আৰু কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। সেইবোৰৰ মাজৰ পৰা জুবিনক উলিয়াই অনা সময় এয়া।
জীয়াই থাকোতেও জুবিন বিতৰ্কৰ কেন্দ্ৰবিন্দু আছিল আৰু মৃত্যুৰ পাছতো তেওঁক ৰেহাই দিয়া হোৱা নাই। বহুতে কথাবোৰ অনুভৱ কৰিলেও মুখ খুলি কোৱাৰ সাহস গোটাব নোৱাৰৰ বাবেই এই পক্ষবোৰৰ এনে অপচেষ্টা দিনক- দিনে বাঢ়ি গৈ আছে।
জুবিনৰ জ্ঞান-গৰিমা, বিষয়বস্তুৰ প্ৰতি থকা গভীৰতা, তেওঁৰ সৃষ্টিয়ে মানুহৰ মনত বিশেষভাৱে ৰেখাপাত কৰিছে। যাৰ বাবে জুবিনৰ প্ৰতি মানুহৰ তীব্ৰ টান আৰু হাবিয়াস জীয়াই থকাৰ দৰে মৃত্যুৰ পাছতো একেদৰেই আছে। জুবিনৰ মৃত্যুৰ ঘটনাৰে যিসকলৰ নাম উচ্চাৰিত হৈছিল, সেইসকলৰ বিচাৰ ৰাইজৰ আদালতত ইতিমধ্যে হৈছে। তেওঁলোকক প্ৰচণ্ড ঘৃণাৰে মানুহ উপচাই দিছে। সমাজে বৰ্জিত কৰিছে এই সকলক। পশুতূল্য ৰূপত তেওঁলোকক সমালোচনা কৰিছে। সেই শাস্তি ৰাইজে নিজৰ আদালতৰ পৰাই দিছে অভিযুক্তসকলক।
জুবিনৰ ন্যায় সংক্ৰান্তীয় বিভিন্ন সময়ৰ তদন্ত প্ৰক্ৰিয়া আৰু সদিচ্চাৰ বিভিন্ন দিশ সম্পৰ্কেও সৰ্বসাধাৰণ ৰাইজ অৱগত। আমি আশা কৰিম- জুবিনৰ ন্যায়ক লৈ যুঁজ দিয়াৰ নামত জুবিনৰ প্ৰতি কৰা অন্যয় বন্ধ হ’ব লাগে। মৃত্যুৰ পাছত জুবিনক আৰু অন্যায় কৰিব নালাগে। নহ’লে যি জুবিনক ভগৱানৰ শাৰীত সাধাৰণ মানুহে থৈছে, সেই অৱস্থানৰ পৰা খহি পৰিব জুবিন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us