ক'ত হেৰাল "মোখোৰা"...

"সেউজ বিপ্লৱ"ৰ পাছৰ পৰা কৃষিৰ ক্ষেত্ৰখনলৈ যি অভাৱণীয় পৰিৱৰ্তন আহিল সেয়াই স্বাভাৱিকতেই আমাৰ কৃষি পৰম্পৰাতো ব্যাপক প্ৰভাৱ পেলালে। আমাৰ যিবোৰ পৰম্পৰাগত কৃষি পদ্ধতি আছিল সেইবোৰৰ আমূল পৰিৱৰ্তন ঘটিল আৰু বহুতো কালৰ বুকুত নিশ্চিহ্ন হৈ গ'ল।

author-image
Asomiya Pratidin
New Update
web new1

ডিজিটেল সংবাদ, বোকাখাতঃ এতিয়া অসমীয়া সমাজৰ পথাৰৰ পৰা সোনগুটি অৰ্থাৎ পকা ধান চপোৱাৰ সময়। অসমীয়া বছৰৰ হিচাপত আহাৰ মাহৰ পৰা ভাদ মাহলৈ পথাৰত হাড়ভঙা শ্ৰম কৰি বছৰটোৰ বাবে ভাত মুঠী যোগাৰ কৰাৰ লগতে ধান বিক্ৰীৰ জৰিয়তে নিজৰ আৰু গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ সময়। পথাৰৰ পৰা শালীধানৰ ডাঙৰি কঢ়িয়াই আনি চোতালত থৈ এটা এটাকৈ মৰণা মৰাৰ সময়। এই সমগ্ৰ প্ৰক্ৰিয়াটো কেৱল পেটৰ ভোক নিবাৰণৰ বা কেৱল অৰ্থনৈতিক ব্যৱস্থা নহয়, ই অসমীয় সংস্কৃতিৰো এক আঁতৰাই থ'ব নোৱাৰা অংগ।

আজিৰ অসমীয়া মানুহৰ চোতালত গৰু বা ম'হেৰে ঘূৰণীয়াকৈ মৰণা মৰাৰ যি সংস্কৃতি আছিল সেয়া বিলুপ্তপ্ৰায়। এইলৈ স্মৃতি কাতৰ হয়তো বহু বয়স্ক ব্যক্তি। তাৰ বিপৰিতে অতি সোনকালে ধানৰ মুঠিৰ পৰা ধান উলিয়াব বা আঁতৰাব পৰা বিভিন্ন ধৰণৰ যন্ত্ৰ আহিল, লগে লগেই ই হৈ পৰিল লাভজনক ব্যৱসায়ো। একেদৰেই নোহোৱা হৈ গ'ল মৰণা মাৰোতে অতি দৰকাৰী বুলি বিবেচিত আৰু অসমীয়াৰ কৃষি সংস্কতিৰ এটি আপুৰুগীয়া সম্পদ "মোখোৰা"। আজিৰ নতুন প্ৰজন্মৰ বহুতেই দেখাতো দূৰৰে কথা নামেই হয়তো শুনা নাই মোখোৰাৰ। আনকি হয়তো আধুনিক কৃষিৰ সৈতে জড়িত বহুতৰ বাবেই অচিনাকী আৰু অপ্ৰয়োজনীয় এই মোখোৰা। এই মোখোৰাই হয়তো সংগ্ৰহালয়ত স্থান পাইছেগৈ নাইবা ওলমি আছে গৈ কোনো ভিতৰুৱা গাঁৱৰ কোনো বয়স্ক কৃষকৰ গোহালিৰ চুকত। 

775c131c-0dd4-464e-a25f-d15e035a9c11

আঘোণ-পুহ মহীয়া মৰণা মাৰোতে পকা-আধাপকা ধানৰ ঠোকবোৰ গৰু বা ম'হে খাই বৰ সোৱাদ পায় কিন্তু ই গৰু-ম'ৰ পেটৰ অসুখ কৰে, শৌচ ঢিলা হয়। সেইবাবেই গৃহস্থই গৰু-ম'হৰ মুখত ধান খাব নোৱাৰাকৈ এই বিধ বেত বা বাঁহেৰে নিৰ্মিত সঁজুলি বান্ধি দিছিল যাতে বছৰটোলৈ বুলি মৰণা মৰা সময়ত গৰু বা ম'হ হাল অসুখত নপৰে। কিন্তু বৰ্তমান অসমীয়া মানুহৰ চোতালৰ পৰা মৰণা মৰাৰ সংস্কৃতি দ্ৰুত গতিত নোহোৱা হৈ যোৱাৰ লগে লগেই প্ৰায় বিলুপ্ত ঘটিল এই বিধ সঁজুলি মোখোৰাৰ। 

উল্লেখ্য যে, এই মোখোৰা তৈয়াৰ কৰা পদ্ধতিটোয়ে  অসমীয়া বাঁহ-বেতৰ শিল্পটোকো প্ৰতিনিধিত্ব কৰি আহিছিল। কেৱল মোখোৰাই নহয় অসমীয়া কৃষি ক্ষেত্ৰখনৰ থলুৱা সঁজুলিবোৰ যেনে -কেইবাপ্ৰকাৰৰো নাঙল, মৈ, টকা, জবকা, ওখোণ, এছাৰি, কোঢ়োণা, টোম, জাপি, এটা সময়ত প্ৰতিজন অসমীয়া কৃষকেই নিজাকৈ তৈয়াৰ কৰি লৈছিল। কিন্তু আধুনিক যান্ত্ৰিক কৃষি সঁজুলিবোৰৰ আগমণৰ লগে লগেই এই শিল্পৰ চৰ্চাও কমি আহিল।

e1248081-62e7-4d0b-8ef8-8336b287f90d

অৱশ্যে এচাম সু-শিক্ষিত অসমীয়াৰ নেতৃত্বত সাম্প্ৰতিক সময়ত অসমৰ কেতবোৰ গ্ৰামাঞ্চলত বস্তুনিষ্ঠ বিশ্লেষণ আৰু বিশ্বাসেৰে ঐতিহ্যৰ স্মৰণ-চৰ্চা আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ সুৰসুৰীয়াকে হ'লেও এটা সুঁতি ব'বলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতেই নতুন প্ৰজন্ম জড়িত হৈ থকা এই সুঁতিটোক বৰ লুইতলৈ বোৱাই নিব পৰাকৈ উৎসাহিত কৰা উচিত। যাতে অসমীয়া সংস্কৃতিৰ বাৰেৰহণীয়া সুৰটো বৰ লুইতৰ পৰা সাত ভনীলৈকে প্ৰৱাহমান হৈ থাকে । 

মৰণা মৰা মোখোৰা