দিল্লীৰ তুৰ্কমান গোটত চলিল প্ৰসাশনৰ বৃহৎ উচ্ছেদ অভিযান

নিশা ১ বজাৰ পৰা পুৱালৈ প্ৰসাশন আৰু পৌৰ নিগমে চলালে এই বৃহৎ উচ্ছেদ অভিযান। এই উচ্ছেদ চলি থকাৰ সময়তে আৰক্ষীলৈ লক্ষ্য কৰি একাংশই কৰিলে শিলাবৰ্ষণ। শিলাবৰ্ষণৰ ফলত আহত হয় ৫ জন আৰক্ষী।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-07 at 9.03.03 AM

ডিজিটেল ডেস্কঃ দিল্লীৰ তুৰ্কমান গোটত চলিল প্ৰসাশনৰ উচ্ছেদ অভিযান। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰামলীলা ময়দানৰ সমীপৰ চৈয়দ ফয়েজ ইলাহী মছজিদত চলিল প্ৰসাশনৰ উচ্ছেদ অভিযান। নিশা ১ বজাৰ পৰা পুৱালৈ প্ৰসাশন আৰু পৌৰ নিগমে চলালে এই বৃহৎ উচ্ছেদ অভিযান। 

WhatsApp Image 2026-01-07 at 9.02.24 AM

উল্লেখযোগ্য যে, এই উচ্ছেদ চলি থকাৰ সময়তে আৰক্ষীলৈ লক্ষ্য কৰি একাংশই কৰিলে শিলাবৰ্ষণ। এই শিলাবৰ্ষণৰ ফলত আহত হয় ৫ জন আৰক্ষী।

WhatsApp Image 2026-01-07 at 9.02.38 AM

ইপিনে ঘটনা সন্দৰ্ভত অঞ্চলটোত অব্যাহত আছে উত্তেজনা। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

image (29)

উচ্ছেদ দিল্লী উচ্ছেদ অভিযান