জামুগুৰিহাটত চুৰি হোৱা বাইক নাৰায়ণপুৰত উদ্ধাৰ

জামুগুৰিহাটৰ বিভিন্ন স্থানত মটৰ চাইকেল সঘনাই চুৰি হৈ থকাৰ মাজতে এইবাৰ জামুগুৰিহাটৰ এখন চুৰি বাইক উদ্ধাৰ হৈছে নাৰায়ণপুৰত।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
526

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ বিভিন্ন স্থানত মটৰ চাইকেল সঘনাই চুৰি হৈ থকাৰ মাজতে এইবাৰ জামুগুৰিহাটৰ এখন চুৰি বাইক উদ্ধাৰ হৈছে নাৰায়ণপুৰত। আজি পৰা সাতদিন পূৰ্বে অৰ্থাৎ যোৱা বৃহস্পতিবাৰে জামুগুৰিহাটৰ শলগুৰি গাঁৱৰ সুন্দৰ লাহনৰ গৃহৰ পৰা নিশা চোৰে চুৰি কৰি নিছিল AS- 12-AH- 4952 নম্বৰৰ বাইকখন।

ইয়াৰ পিছতে বাইকৰ গৰাকীয়ে জামুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । কালি নিশা নাৰায়ণপুৰৰ পথৰ দাতিত চোৰে এৰি থৈ যোৱা বাইকখন উদ্ধাৰ কৰে স্থানীয় ৰাইজে।ইতিমধ্যে উদ্ধাৰ হোৱা চুৰি বাইকখন নাৰায়ণপুৰ আৰক্ষীয়ে জামুগুৰি আৰক্ষীক চমজাই দিয়ে। 

নাৰায়ণপুৰ