আজি স্থবিৰ হৈছে ভাৰতীয় শ্বেয়াৰ বজাৰ...

এছিয়াৰ বজাৰৰ পুনৰুদ্ধাৰ আৰু আমেৰিকাৰ ভৱিষ্যতৰ শক্তিৰ বাবেই বজাৰৰ এই উত্থান ঘটিছে। পুৱা ৯:০৯ বজাত চেনচেক্সৰ শ্বেয়াৰ ৮৭৫.৮৩ পইণ্ট (১.২০%) বৃদ্ধি পাই ৭৪,০১৩.৭৩ পইণ্টত বিক্ৰী

author-image
Asomiya Pratidin
New Update
dgdg

ডিজিটেল ডেস্কঃ  সোমবাৰৰ বৃহৎ পতনৰ পিছত মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটিছে। পুৱাৰ ব্যৱসায়ত বিএছই চেনচেক্স মূল্য ৮০০ পইণ্টতকৈ অধিক বৃদ্ধি পোৱাৰ লগতে নিফটিয়েও ২২,৪০০ পইণ্ট অতিক্ৰম কৰে।

Advertisment

এছিয়াৰ বজাৰৰ পুনৰুদ্ধাৰ আৰু আমেৰিকাৰ ভৱিষ্যতৰ শক্তিৰ বাবেই বজাৰৰ এই উত্থান ঘটিছে। পুৱা ৯:০৯ বজাত চেনচেক্সৰ শ্বেয়াৰ ৮৭৫.৮৩ পইণ্ট (১.২০%) বৃদ্ধি পাই ৭৪,০১৩.৭৩ পইণ্টত বিক্ৰী হোৱাৰ বিপৰীতে নিফটিৰ মূল্য ২৮৫.১৫ পইণ্ট (১.২৯%) বৃদ্ধি পাই ২২,৪৪৬.৭৫ হয়।

পুৱা ৯:২১ বজাত প্ৰাৰম্ভিক ব্যৱসায়ত চেনচেক্সৰ মূল্য ৭৪,৩৩৮.৫৯ত ১২০০.৭০ পইণ্ট (১.৬৪%) আৰু নিফটিৰ মূল্য ৩৭৭.০০ পইণ্ট (১.৭০%)ৰ দৰ্শনীয় বৃদ্ধিৰে ২২,৫৩৮.৬০ হৈছিল।

উল্লেখ কৰা প্ৰয়োজন যে, ট্ৰাম্পৰ টেৰিফ ধুমুহাত সোমবাৰে তচনচ হৈছিল শ্বেয়াৰ বজাৰ। এদিনতে বিনিয়োগকাৰীয়ে হেৰুৱালে ২০ লাখ কোটি। ইফালে একে সময়তে আজি অভিলেখ কৰিছে আদানী গ্ৰুপে।আদানীৰ সকলো শ্বেয়াৰ বজাৰ ঊৰ্ধগামী হোৱা পৰিলক্ষিত হৈছে।

ফ্লেগশ্বিপ কোম্পানী আদানি এণ্টাৰপ্ৰাইজৰ পৰা আৰম্ভ কৰি আদানি প’ৰ্টছ, আদানি এনাৰ্জি ছলিউচনলৈকে এই সকলোবোৰে আৰম্ভণিৰ বাণিজ্যত ৩ শতাংশ পৰ্যন্ত লাভ কৰিছে। লগতে টাইটান, আদানি প’ৰ্টছ, টাটা মটৰ্ছ, বাজাজ ফিনচাৰ্ভ, এছ বি আই, এক্সিছ বেংক, আল্ট্ৰাটেক চিমেণ্ট, টাটা ষ্টীল, ইণ্ডুছইণ্ড বেংক, জোমাটো, বাজাজ ফাইনেন্স আৰু এন টি পি চিৰ লাভালাভ শীৰ্ষত।

 

শ্বেয়াৰ বজাৰ