ৰাহত হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ পদক্ষেপ : বটদ্ৰৱা থানলৈ ডাষ্টবিন প্ৰদান

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ ৰাহত হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ তৰফৰ পৰা বৃহস্পতিবাৰে থান চৌহদৰ স্বচ্চতাৰ বাবে ডাষ্টবিন প্ৰদান কৰা হয়

author-image
Asomiya Pratidin
New Update
114

ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ ৰাহত হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ তৰফৰ পৰা বৃহস্পতিবাৰে থান চৌহদৰ স্বচ্চতাৰ বাবে ডাষ্টবিন প্ৰদান কৰা হয়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক লাচিত বৰদলৈৰ হাতত ৯ টা ডাষ্টবিন প্ৰদান কৰা হয়।

বটদ্ৰৱা থানৰ মূল উৎসৱ দৌলযাত্ৰা মহোৎসৱৰ প্ৰাকক্ষণত ৰাহত হাস্পতালৰ সঞ্চালক ডা০ ৰিয়াজ উদ্দিন আহমেদ, পৰিচালন সঞ্চালক ডা০ মঞ্জুল ইছলাম, প্ৰৱন্ধক অনিৰ্বাণ ফুকনকে আদি কৰি কেইবাগৰাকী কৰ্মকৰ্তা উপস্থিত হৈ ডাষ্টবিনসমূহ প্ৰদান কৰাৰ লগতে প্ৰতি ১-২ মাহৰ মূৰে মূৰে বটদ্ৰৱা থানৰ লগত জড়িত ভকত বৈষ্ণৱ সকলক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসাধীন হবলগিয়া হলে বিশেষ ৰেহাই মূল্যত চিকিৎসা প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়া, সদস্যসকলৰ উপস্থিতিত ৰাহত হাস্পতালৰ সঞ্চালক, পৰিচালন সঞ্চালক প্ৰমুখ্যে কৰ্মকৰ্তাসকলক গামোছাৰে সম্ভাষণ জনোৱা হয়। অনুষ্ঠানত ডা০ ৰিয়াজ উদ্দিন আহমেদ আৰু ডা০ মঞ্জুল ইছলামে "নগাঁও জিলাৰ অগ্ৰনী চিকিৎসা প্ৰতিষ্ঠান ৰাহত হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰক ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে সীমাবদ্ধ নাৰাখি এটি কল্যানকামী অনুষ্ঠান হিচাপে গঢ়া হৈছে, যাতে মানুহৰ সুস্থ জীৱন-যাপন আৰু সমাজৰ ক্ৰমাগত উন্নতি কল্পে এক সুস্থ পৰিবেশ গঢ়াত উল্লেখনীয় অৰিহনা যোগাব পাৰে।

এই উদ্দেশ্যকেই সৰোগত কৰি ৰাহত হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰে পূৰ্ণ আন্তৰিকতা আৰু গৌৰৱবেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ বিভিন্ন সামাজিক -সাংস্কৃতি কাৰ্য্য-কলাপত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা হ'ব বুলি প্ৰকাশ কৰে।

বটদ্ৰৱা থান