তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰিপূৰিকাত থাকিব ‘অপাৰেচন সিন্দূৰ’ৰ প্ৰসংগ

‘অপাৰেচন সিন্দূৰ‘ৰ প্ৰসংগ শ্ৰেণীকোঠালৈ অনাৰ প্ৰয়াস কৰিছে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে। পৰিষদে তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ দুটা বিশেষ পৰিপূৰিকাত অপাৰেচন সিন্দূৰৰ সবিশেষ সামৰি এটি অধ্যায় যুগুত কৰিছে

author-image
Asomiya Pratidin
New Update
132

ডিজিটেল ডেস্ক : ‘অপাৰেচন সিন্দূৰ‘ৰ প্ৰসংগ শ্ৰেণীকোঠালৈ অনাৰ প্ৰয়াস কৰিছে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে। পৰিষদে তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ দুটা বিশেষ পৰিপূৰিকাত অপাৰেচন সিন্দূৰৰ সবিশেষ সামৰি এটি অধ্যায় যুগুত কৰিছে।

Advertisment

উল্লেখযোগ্য যে, পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈ অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে এন চি আৰ টিয়ে।

তৃতীয় আৰু অষ্টম শ্ৰেণী লৈকে যুগুত কৰা পৰিপূৰিকাখনৰ নাম হৈছে- এ ছাগা অৱ ভেল’ৰ আৰু অপাৰেচন সিন্দূৰ। একেদৰে নৱমৰ পৰা দ্বাদশ শ্ৰেণী লৈকে যুগুত কৰা পৰিপূৰিকাখনৰ নাম হৈছে- এ মিছন অৱ অনাৰ এণ্ড ব্ৰেভাৰী।

অপাৰেচন সিন্দুৰ