বালিপৰাত নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি, সম্পন্ন হ'ল ভূমি পূজন

শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ এটা আৱক্ষ মূৰ্ত্তি নিৰ্মাণ কৰিবলৈ মাটি দান কৰিছে এজন ব্যক্তিয়ে। বালিপৰাৰ এই জুবিন অনুৰাগীজনৰ নাম মজিদুৰ ৰহমান।

author-image
Asomiya Pratidin
New Update
ccdxcxcxcxcxc

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ সময়তে শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ এটা আৱক্ষ মূৰ্ত্তি নিৰ্মাণ কৰিবলৈ মাটি দান কৰিছে এজন ব্যক্তিয়ে। বালিপৰাৰ এই জুবিন অনুৰাগীজনৰ নাম মজিদুৰ ৰহমান।

বালিপৰা পেপচি ক্লাৱ, বৃহত্তৰ বালিপৰা যুৱ মঞ্চ, বালিপৰা বয়জ ক্লাৱ আৰু বালিপৰা জুবিন অনুৰাগী ফেন ক্লাৱ তথা বালিপৰাবাসী ৰাইজৰ সহযোগত বালিপৰাৰ মজিদুৰ ৰহমানে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা এডোখৰ মাটি মূৰ্ত্তি নিৰ্মাণৰ বাবে দান কৰাৰ পিছতেই  উক্ত স্থানত কৰা হয় ভূমি পূজন।
 
বালিপৰা অঞ্চলৰ দল-মত নিৰ্বিশেষে শতাধিক ৰাইজৰ উপস্থিতিত পৰম্পৰাগত নীতি নিয়মেৰে ভূমি পূজন কৰি শীঘ্ৰে প্ৰিয় শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তি নিৰ্মাণেৰে তেখেতক সকলোৰে মাজত জীয়াই ৰখাৰ প্ৰয়াস কৰা হব বুলি উল্লেখ কৰে মজিদুৰ ৰহমানে।

জুবিন গাৰ্গ