/asomiyapratidin/media/media_files/2025/09/16/355-2025-09-16-09-58-48.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ টুপিয়া পাঁচ গাঁও ক্ৰীড়া সন্থাৰ সৌজন্যত টুপিয়া ষ্টেডিয়ামত আয়োজিত ৩৩ সংখ্যক স্বৰ্গীয় চিদানন্দ বৰা আৰু অৱনীপ্ৰসাদ বৰা সোঁৱৰণী ৰাজ্যিক ভিত্তিক ট্ৰফী ও প্ৰাইজমানী নৈশ ফুটবল খেল প্ৰতিযোগিতাৰ সোমবাৰে সন্ধিয়া প্ৰথমখন কোৱাৰটাৰ ফাইনেল খেল অনুষ্ঠিত হয় ৷
ডিফু কাৰ্বিআংলঙৰ কাচা ফুটৱল ক্লাব বনাম মৰিগাঁৱৰ জালুগুটি ফুটৱল ক্লাবৰ মাজত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল শুভাৰম্ভৰ জৰিয়তে প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ অহা ২৪ চেপ্তেম্বৰলৈকে চলিব লগা ৰাজ্যিক ভিত্তিক নৈশ ফুটবল খেল প্ৰতিযোগিতাখনিত ইতিমধ্যে খেলা দল দুটাৰ উপৰিও গুৱাহাটীৰ ছয়গাঁও এফ চি,যোৰহাট টাউন ক্লাৱ,গোৰেশ্বৰ টাউন ক্লাৱ,ডিমাকুচিৰ জয় জহৰ,বঢ়হমপুৰৰ নৱম অসম পুলিচ বাহিনী আৰু অসম পুলিচ কামাণ্ডো বাহিনী আদিকে ধৰি ৰাজ্যখনৰ বচা বচা মুঠ আঠটাকৈ আগশাৰীৰ ফুটবল দলে যোগদান কৰিছে ৷
নিশা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক আকৰ্ষণীয় প্ৰথমখন কোৱাৰটাৰ ফাইনেল খেলত কাৰ্বিআংলংৰ কাচা ফুটৱল ক্লাৱে ১-০ গ'লৰ ব্যৱধানত মৰিগাঁৱৰ জালুগুটি ফুটৱল ক্লাৱক পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে ৷ টুপিয়া পাচগাঁও ক্ৰীড়া সন্থাৰ সভাপতি নিতুমনি বৰাই জনোৱা মতে আজি সন্ধিয়া যোৰহাট টাউন ক্লাৱ আৰু নৱম অসম পুলিচ বাহিনী ফুটৱল দলৰ মাজত দ্বিতীয় খন তীব্ৰ উত্তেজনা মূলক কোৱাটাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব ৷