Advertisment

পাঞ্জাবাৰীৰ আইদেউ ছবিগৃহত ৰাজ্যিক বিজেপিৰ বিশেষ আলোচনা চক্ৰ...

বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ গৌৰৱোজ্জ্বল ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় জনতা পার্টিৰ উদ্যোগত দেশজুৰি অনুষ্ঠিত 'সংবিধান গৌৰৱ অভিযান'ৰ অংশৰূপে অসমতো বিভিন্ন বিধানসভা সমষ্টিত বিগত এটা পষেকজুৰি বিভিন্ন কার্যসূচী ৰূপায়ণ হৈ আহিছে । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সমিতিৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ সহযোগত গুৱাহাটীৰ আইদেউ ছবিগৃহত আয়োজন কৰা হয় এক আলোচনা চক্ৰৰ ।

Advertisment

উক্ত আলোচনা চক্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে । বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ গৌৰৱোজ্জ্বল ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় জনতা পার্টিৰ উদ্যোগত দেশজুৰি অনুষ্ঠিত 'সংবিধান গৌৰৱ অভিযান'ৰ অংশৰূপে অসমতো বিভিন্ন বিধানসভা সমষ্টিত বিগত এটা পষেকজুৰি বিভিন্ন কার্যসূচী ৰূপায়ণ হৈ আহিছে । 

0

এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দেওবাৰে আয়োজিত বিশেষ আলোচনা-চক্রত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই কয় যে দেশৰ সংবিধানখন আমাৰ গৌৰৱ তথা আমাৰ স্বাভিমান । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এখন সার্বভৌম গণতান্ত্রিক ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ গৌৰৱ গাথাৰ আজি যি বন্দন হৈছে, তাৰ মূলতে হৈছে আমাৰ সংবিধানখন । 

তেওঁ লগতে উল্লেখ কৰে যে পাকিস্তান আৰু বাংলাদেশৰ দৰে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰই সততেই সামৰিক উত্থানৰ সন্মূখীন হৈ অহাৰ বিপৰীতে শক্তিশালী সংবিধান এখন থকাৰ বাবে আমাৰ দেশে কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগা হোৱা নাই । আনহাতে কংগ্ৰেছে যদিও এতিয়া সংবিধানৰ প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ গুণাণুকীৰ্তন কৰিবলৈ আৰম্ভ কৰিছে কিন্তু এই কংগ্ৰেছেই শাসনত থকা দশক দশক যোৰা সময়খিনিত ড° আম্বেদকাৰক যথোচিত সন্মান নিদিলে ।

0

ড° আম্বেদকাৰক ১৯৯০ চনত এখন অকংগ্ৰেছী চৰকাৰে মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । আনহাতে কেবিনেট মন্ত্ৰী হিচাপেও প্ৰধানমন্ত্ৰী নেহৰুৰ পৰা ড° আম্বেদকাৰে যথোচিত গুৰুত্ব লাভ নকৰিলে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ।

বিজেপি পীযুষ হাজৰিকা