এছ টি জনছ ইংলিছ স্কুলৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এছ টি জনছ ইংলিছ স্কুল আমৰাঙ্গা-বৰিহাটৰ মঙলবাৰে বাৰ্ষিক বঁটা বিতৰণী সভাখনি অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানৰ আৰম্ভণিতেই মামণি ৰয়ছম গোস্বামী আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
englshhshssxhool

ডিজিটেল সংবাদ, মিৰ্জাঃপলাশবাৰী সমষ্টিৰ অন্তৰ্গত এছ টি জনছ ইংলিছ স্কুল আমৰাঙ্গা-বৰিহাটৰ মঙলবাৰে বাৰ্ষিক বঁটা বিতৰণী সভাখনি অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানৰ আৰম্ভণিতেই মামণি ৰয়ছম গোস্বামী আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই অনুষ্ঠানতে পুনৰ জুবিন গাৰ্গৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবী উত্থাপন কৰে ৰাইজে। 

এই উপলক্ষে অনুষ্ঠিত বঁটা বিতৰণী সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ নৃপন ৰাভাই আদৰণি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত ক্ৰমে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক গিৰিশ দাস, শিল্পী আনন্দ দাস, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লালমোহন কুমাৰ,  অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৰুণা কান্ত মহন্ত, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আদিত্য দাস, অৱসৰপ্ৰাপ্ত খণ্ড বিষয়া ভূষণ দাস, কবি-সাংবাদিক মিলন মহন্ত, ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাস, গৱেষক ছাত্ৰ ধনমণি দাসকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকি ভাষণ,গীত পৰিৱেশেনেৰে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থী,অভিভাৱক সকলক আপ্লুত কৰি তোলে। 

এই অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীয়ে গীত, নৃত্য আদি পৰিৱেশন কৰে। এই অনুষ্ঠানৰ পাছত বিভিন্ন দিশত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই লনী দাসে।

পলাশবাৰী