/asomiyapratidin/media/media_files/2026/01/27/gyuidaytuidasui-2026-01-27-22-13-30.jpg)
ডিজিটেল ডেস্কঃ দেশৰ ৭৭তম গণৰাজ্য দিৱসৰ পৱিত্ৰ ক্ষণত সশস্ত্ৰ সীমা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ বাবে কঢ়িয়াই আনিছে এক গৌৰৱোজ্জ্বল খবৰ। এছএছবি গুৱাহাটী সীমান্তৰ মহানিৰীক্ষক সুধীৰ বৰ্মাক তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে ২০২৬ বৰ্ষৰ 'ৰাষ্ট্ৰপতি আৰক্ষী পদক' প্ৰদানৰ কথা ঘোষণা কৰা হৈছে।
উল্লেখযোগ্য যে, মহানিৰীক্ষক সুধীৰ বৰ্মা এছএছবিৰ ১৯৯৩ বেটচৰ এজন অতি নিষ্ঠাবান বিষয়া। তেওঁৰ সুদীৰ্ঘ সেৱাকালত তেওঁ ভাৰতীয় সীমা সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব অতি দক্ষতাৰে পালন কৰি আহিছে। বিশেষকৈ ভাৰত-নেপাল আৰু ভাৰত-ভূটানৰ দৰে সংবেদনশীল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ব্যৱস্থাপনা আৰু সুৰক্ষা সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়।
তেওঁৰ কৰ্মজীৱনৰ আন এক উল্লেখযোগ্য দিশ হ’ল, দেশৰ আটাইতকৈ অভিজাত সুৰক্ষা সংস্থা 'স্পেচিয়েল প্ৰটেকচন গ্ৰুপ'ত তেওঁ আগবঢ়োৱা সেৱা। প্ৰায় ১১ বছৰ ধৰি তেওঁ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দৰে অতি দায়িত্বশীল পদত নিয়োজিত আছিল। ইয়াৰ পূৰ্বে ২০১৭ চনতো তেওঁ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে তেওঁক 'আৰক্ষী পদক'ৰে সন্মানিত কৰা হৈছিল।
ইফালে, এই সন্মান লাভৰ পিছত নিজৰ মনৰ ভাব ব্যক্ত কৰি মহানিৰীক্ষক গৰাকীয়ে কয়, "এই পদক কেৱল মোৰ ব্যক্তিগত কৃতিত্ব নহয়, বৰঞ্চ এয়া আমাৰ বাহিনীৰ দলীয় একাগ্ৰতা আৰু দেশৰ প্ৰতি থকা নিষ্ঠাৰহে প্ৰতীক।" তেওঁ লগতে এই স্বীকৃতিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
দেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা মহানিৰীক্ষক সুধীৰ বৰ্মালৈ এই পদক ঘোষণাই এছএছবি বাহিনীৰ লগতে সমগ্ৰ গুৱাহাটী ফ্ৰন্টিয়াৰলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us