সৃষ্টি ৰংপিপীঃ অক্সফৰ্ডত শ্ৰেণীকোঠাত প্ৰথমগৰাকী কাৰ্বি...

কাৰ্বি ভূমিত প্ৰতিভাৰ অভাৱ নাই। ভিন্ন ক্ষেত্ৰত ইতিমধ্যেই কাৰ্বি সকলে নিজৰ দক্ষতাৰে দখল কৰিছে অনন্য আসন। শেহতীয়াকৈ কাৰ্বি ভূমিলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে। কাৰ্বিভূমিৰ পৰা অক্সফৰ্ডলৈ

author-image
Asomiya Pratidin
New Update
hjhk

ডিজিটেল ডেস্কঃ কাৰ্বি ভূমিত প্ৰতিভাৰ অভাৱ নাই। ভিন্ন ক্ষেত্ৰত ইতিমধ্যেই কাৰ্বি সকলে নিজৰ দক্ষতাৰে দখল কৰিছে অনন্য আসন। শেহতীয়াকৈ কাৰ্বি ভূমিলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে। কাৰ্বিভূমিৰ পৰা অক্সফৰ্ডলৈ যোৱা প্ৰথমগৰাকী কাৰ্বি ব্যক্তি হিচাপে বিবেচিত হোৱা যুৱতীগৰাকী হৈছে সৃষ্টি ৰংপিপী। 

Advertisment

সৰুৰে পৰাই তীক্ষ্ণ মেধাশক্তিৰ গৰাকী সৃষ্টিয়ে শেহতীয়াকৈ নামভৰ্তি কৰিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ত।  আন্তৰাষ্ট্ৰীয় স্তৰত খুবেই চৰ্চিত আৰু প্ৰাসংগিক এটা বিষয়ক বাচনি কৰি বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানখনত নামভৰ্তি কৰিছে সৃষ্টিয়ে। 'সাক্ষ্য আধাৰিত সামাজিক হস্তক্ষেপ আৰু নীতি মূল্যায়ন'- শীৰ্ষক পাঠ্যক্ৰমত নামভৰ্তি কৰিছে কাৰ্বি আংলঙৰ এই যুৱতীগৰাকীয়ে।

ডিফুত জন্ম গ্ৰহণ কৰিছিল সৃষ্টিয়ে। শ্বিলঙৰ ছেইন্ট মেৰী স্কুল আৰু গুৱাহাটীৰ আৰ্মি পাব্লিক স্কুলত অধ্যয়ন কৰিছিল তেওঁ। ইয়াৰ পিছতে সৃষ্টিয়ে স্নাতক ডিগ্ৰী গ্ৰহণ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ জেচাছ এণ্ড মেৰী কলেজৰ পৰা। মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা সৃষ্টিয়ে সেই সময়ত দেশৰ ভিন্ন প্ৰান্তত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত সুনাম অৰ্জন কৰিছিল।

কৃতি এই যুৱতীগৰাকী জিলা পৰ্যায়ৰ এগৰাকী দৌৰবিদো। শৈক্ষিক ক্ষেত্ৰৰ লগতে অন্যান্য সকলো দিশক সমানে গুৰুত্ব দিয়া সৃষ্টি ৰংপিপিক লৈ এতিয়া গৌৰাৱান্বিত কাৰ্বি জাতিৰ প্ৰতিগৰাকী ব্যক্তি। সৃষ্টি ৰংপিপী হৈছে কাৰ্বি সম্প্ৰদায়ৰ প্ৰথমগৰাকী উইং কামাণ্ডাৰ আৰু আই এ এফৰ পাইলট প্ৰশান্ত কুমাৰ ৰংপিৰ কন্যা। উল্লেখযোগ্য যে, সাংসদ তথা কাৰ্বি স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জয়ন্ত ৰংপিৰ ভাতৃ প্ৰশান্ত কুমাৰ ৰংপি। ভাতৃ প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত আছিল যদিও ৰাজনীতিৰ পৰা সদায়েই দূৰত অৱস্থান কৰি আহিছে প্ৰশান্ত কুমাৰ ৰংপিয়ে। 

 

 

 

কাৰ্বি আংলং