/asomiyapratidin/media/media_files/2025/08/08/sringkhal-8-2025-08-08-18-25-27.jpg)
ডিজিটেল ডেস্কঃ বীৰ লাচিত সেনাৰ পৰা এমাহৰ বাবে আঁতৰালে সংগঠনটোৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক। শেহতীয়াকৈ উজনি অসমত মিঞা খেদা আন্দোলনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত, উশৃংখল আৰু উদ্বেগজনক পৰিস্থিতিৰ মাজতে আজি এক নিৰ্দেশনাৰ জৰিয়তে চলিহাক এমাহৰ বাবে বিশ্ৰাম দিলে সংগঠনটোৰ মুখ্য সচিব ৰণ্টু পানীফুকনে।
উল্লেখ্য যে, আজি শিৱসাগৰৰ যুৱদলত শিৱসাগৰৰ নাগৰিক সমাজৰো এক সভা অনুষ্ঠিত হৈছিল। এই সভাতেই শৃংখল চলিহাই ৰংঘৰ চাৰিআলিৰ এক ঘটনাৰ কথা উল্লেখ কৰি বিশেষ সম্প্ৰদায়ৰ লোকে তেওঁৰ বিৰুদ্ধে দা, কুঠাৰ লোৱাৰ উপৰিও ধৰ্মীয় শ্লোগান দিয়াৰ অভিযোগ কৰিছিল।
কিন্তু আৰক্ষীৰ ভাষ্যৰ উধৃতিৰে শৃংখলৰ এই অসত্য সভাতেই উন্মোচিত কৰে সাংবাদিক অনন্ত স্মিথ আৰু ভৈৰৱ মুণ্ডাই। ৰংঘৰ চাৰিআলিত সংঘটিত ঘটনাৰ সময়ত তেওঁলোক দুয়োজনেই উপস্থিত আছিল আৰু কোনেও দা, কুঠাৰ লোৱা নাছিল, লগতে ধৰ্মীয় শ্লোগান দিয়া নাছিল বুলি উল্লেখ কৰে।
এইদৰে তেওঁৰ মিথ্যাচাৰ উন্মোচিত হোৱাৰ পিছতে শৃংখলে নাগৰিক সভাস্থলী ত্যাগ কৰে। এই সভাৰ পিছতেই বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনে স্বাক্ষৰ কৰা এক নিৰ্দেশনাৰ জৰিয়তে শৃংখল চলিহাক এমাহৰ বাবে সংগঠনৰ কাম কাজৰ পৰা আঁতৰাই ৰাখে।
সেই নিৰ্দেশনাত কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক সম্বোধন কৰি লিখিছে, ''আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা ৮ ছেপ্টেম্বৰ ২০২৫ তাৰিখলৈ আপোনাক সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ’ল।''
তাৰোপৰি লিখিছে, ''এই সময়ছোৱাত আপোনাক আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ প্ৰদান কৰা হ’ল। স্মৰ্তব্য আজিৰ পৰা কিছুদিন পূৰ্বে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও শৃংখল চলিহাৰ বিৰুদ্ধে সাম্প্ৰদায়িকতাৰ অভিযোগ উত্থাপন কৰি ৰণ্টু পানীফুকনলৈ এক পত্ৰৰ প্ৰেৰণ কৰিছিল।''