ডিজিটেল সংবাদ, উৰিয়াগাওঁঃ উত্তৰ-পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ ১৯৫৫ চনৰ ২৭ ছেপ্টেম্বৰত জন্ম লাভ কৰা নগাঁও জিলাৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়খনে ৭০ টা বসন্ত গৰকিলে।এই উপলক্ষে অহা ২৭ ছেপ্টেম্বৰত বিদ্যালয়খনৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদযাপনৰ মনস্থ কৰাৰ লগতে বিদ্যালয়খনৰ চৌহদত ব্ৰেইল লিপিৰ উদ্ভাৱক লুই ব্ৰেইলৰ এটি আৱক্ষ মূৰ্ত্তি স্থাপনৰ দিহা কৰা হৈছে।
কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা চাফাই অভিযান,প্ৰভাত ফেৰী,বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চকু আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ অন্তত পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী গুণ বৰাই।ইয়াৰ পিছতেই শ্ৰী মন্ত শংকৰ মিশ্যন তথা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু বিদ্যালয়ৰ লগত জড়িত প্ৰয়াত বিশিষ্ট ব্যক্তিসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,গছপুলি ৰোপণ,শোভাযাত্ৰাৰ অন্তত পুৱা ১১ বজাত মহামানৱ লুই বেইলৰ আৱক্ষ মূৰ্ত্তি উদ্বোধন কৰিব সাদিন-প্ৰতিদিন গোষ্ঠী স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই।
১১-৩০ বজাত অনুষ্ঠিত হব মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।শ্ৰীমন্ত শংকৰ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া সভাখন উদ্বোধন কৰিব নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে।এই অনুষ্ঠানতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী গুণ বৰাৰ প্ৰথমখন গ্ৰন্থ "পোহৰৰ সন্ধানত এখোজ" উন্মোচন কৰিব অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই।
ইয়াৰ উপৰিও সভাত বিদ্যালয় বৰ্ষপুতি সম্পৰ্কীয় স্মৃতিগ্ৰন্থ উন্মোচন কৰিব নগাঁও মহাবিদ্যালয়ৰ(স্বতন্ত্ৰ) প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট কবি তথা লেখক ডঃ শৰৎ বৰকটকীয়ে।উক্ত সভাত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা
অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত,বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুকুট ৰাভা(এ. পি.এছ) আৰু নিমন্ত্রিত অতিথি হিচাপে ৰামানুজন ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ দিলীপ বৰা,নগাঁও সংমণ্ডল বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ আৰু বঢ়মপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সিদ্ধাৰ্থ ছিংকাইক আমন্ত্ৰণ জনোৱা হৈছে।
সন্ধ্যা বিদ্যালয়খনৰ চৌহদত ৭০ গছি বন্তি প্ৰজ্বলন কৰা হব।উক্ত অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি বিদ্যালয় উদযাপন সমিতিৰ সভাপতি গিৰিশ চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক তথা শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষয়ত্ৰী গুণ বৰাই আন্তৰিকতাৰে কামনা কৰিছে।