/asomiyapratidin/media/media_files/2026/01/21/1-2026-01-21-16-37-09.jpg)
ডিজিটেল ডেস্কঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন কৰ্মৰাজি আৰু আধ্যাত্মিক দৰ্শনৰ চৰ্চা, অধ্যয়ন আৰু গৱেষণাৰ বাবে বুধবাৰে ছত্তীশগড়ৰ ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত স্থাপন কৰা হয় " শ্ৰীমন্ত শংকৰদেৱ স্মৃতি আসন "৷ চত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ পৰিকল্পনাত তথা পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এই আসনভাগ প্ৰতিষ্ঠা কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/image-53-2026-01-21-16-35-53.png)
উল্লেখ্য যে, বুধবাৰে ৰাজ্যপাল ৰমেন ডেকা, মুখ্যমন্ত্রী বিষ্ণু দেৱ সাই আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ নেতা কৃষ্ণ গোপালৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই আসনভাগ আনুষ্ঠানিকভাৱে স্থাপন কৰা হয় ৷ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পাছত শ্ৰীমন্ত শংকৰদেৱৰ আসন স্থাপন কৰা ছত্তীশগড়ৰ ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয় হৈছে দ্বিতীয়খন বিশ্ববিদ্যালয়। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত আধ্যাত্মিক, সাংস্কৃতিক জ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশ্ববিদ্যালয়খনে স্থাপন কৰে এই আসনভাগ ৷ এই আসনভাগৰ যোগেদি আহি থকা দিনবোৰত পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসনৰ যোগেদি আগ্ৰহী ছাত্ৰ- ছাত্ৰীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ ওপৰত অধ্যয়ন তথা গৱেষণাৰ সুযোগ লাভ কৰিব বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ উপাচার্য শুক্লাই ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-im-2026-01-21-16-36-09.jpeg)
বুধবাৰে পঞ্জাৱ বিশ্ববিদ্যালয় আৰু পণ্ডিত ৰবি শংকৰ শুক্লা বিশ্ববিদ্যালয়ৰ মাজত "শ্ৰীমন্ত শংকৰদেৱ আসন সম্পৰ্কীয় এক বুজাবুজি চুক্তি দুয়োখন বিশ্ববিদ্যালয়ৰ উপাচার্যৰ উপস্থিতিত স্বাক্ষৰিত হয় ৷ মহেন্দ্ৰ মোহন চৌধুৰী পঞ্জাৱৰ ৰাজ্যপাল থাকোতে পঞ্জাৱ বিশ্ববিদ্যালয়ত স্থাপন কৰা হৈছিল শ্ৰীমন্ত শংকৰদেৱ আসন। ইপিনে চত্তীশগড়ৰ পণ্ডিত ৰবি শংকৰ শুক্লা বিশ্ববিদ্যালয়ৰ এই আসনৰ জৰিয়তে অনাগত দিনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি, আধ্যাত্মিক আৰু বৌদ্ধিক দৰ্শনৰ ওপৰত গৱেষণাৰ দুৱাৰ মুকলি হ'ব ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-image-2026-2026-01-21-16-36-27.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us