শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনৰ প্ৰস্তুতি

জামুগুৰিহাটৰ জ্যেতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশনলৈ মাজত মাথো কেইটামান দিন বাকী।

author-image
Asomiya Pratidin
New Update
16

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ জ্যেতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশনলৈ মাজত মাথো কেইটামান দিন বাকী। অধিবেশনৰ বাবে আদৰনী সমিতিৰ লগতে শাখা সমিতি সমূহে  ক্ষীপ্ৰতাৰে কৰিছে নিজৰ কাম কাজ।

ভাগে ভাগে সকলো ব্যস্ত এতিয়া জ্যেতি,বিষ্ণু সমন্বয় ক্ষেত্ৰত। কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰায় পোন্ধৰ হাজাৰ  সেৱক সেৱীকা   থাকিব পৰাকৈ আটক ধুনীয়াকৈ আশ্ৰয় শিবিৰ নিৰ্মাণৰ কাম কাম চলিছে তীব্ৰ গতিত ৷  

এই আশ্ৰয় শিবিৰ লগত সংগতি ৰাখি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি ত এখন মায়াৱিনী নামেৰে সেঁতু নিৰ্মাণ কৰা হৈছে ৷ যিখন সেঁতুৰ উপৰেদি সেৱক সেৱিকাসকলে আশ্ৰয় শিবিৰ পৰা ভোজনালয় লৈ যাব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ৷

উল্লেখ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ৯৫ সংখ্যক এই ৰাজ্যিক অধিৱেশনত অন্তিম দিনা অৰ্থাৎ ৮ ফ্ৰেব্ৰুৱাৰীৰ পুৱা ৯ বজাত অনুষ্ঠিত হ'ব লগা পতাকা উত্তোলন কাৰ্যসূচীৰ পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।

এইবাৰ যিহেতু ৯৫সংখ্যক অধিবেশন সেয়ে উক্ত পতাকা উত্তোলন কাৰ্যসূচীত তেজপুৰ জিলা সাংস্কৃতিক শাখাৰ উদ্যোগত ৯৫ গৰাকী গায়ন বায়ন শিল্পীয়ে পৰিবেশন কৰিব গুৰুঘাত ৷ জামুগুৰিহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক কীৰ্তন গৃহত তেজপুৰ জিলাৰ অন্তৰ্গত ৯৫ গৰাকী গায়ন বায়ন শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।

প্ৰশিক্ষণ প্ৰদান কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলাৰ সাংস্কৃতিক সম্পাদক মৃনাল কৃষ্ণ হাজৰিকা আৰু সহযোগী হিচাপে উপস্থিত থাকে তেজপুৰ জিলাৰ সাংস্কৃতিক বিভাগৰ সভাপতি বংশী ভূঞা।

শ্ৰীমন্ত শংকৰদেৱ