/asomiyapratidin/media/media_files/2026/01/27/4-2026-01-27-10-59-49.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনকলৈ উছাহৰ অন্ত নাই জামুগুৰিহাটবাসী ৰাইজৰ মাজত। যিহেতু ৰাজ্যখনৰ ভিতৰতে একক বৃহৎ ধৰ্ম্মীয় অনুষ্ঠান হিচাপে পৰিচিত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশন ভাগ পোন প্ৰথম বাৰৰ বাবেই অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত সংঘৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত জামুগুৰিহাটৰে ধলাইবিল আৰু চৈবাৰীৰ মাজৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব ৷
এই সপোনৰ অধিবেশনখনিক লৈ এতিয়া সকলোশ্ৰেণীৰ ৰাইজৰ মাজত ব্যস্ততাৰ অন্ত নাই ৷ দিন-ৰাতি একাকাৰ কৰি সকলোৱেই এতিয়া নিৰ্ম্মান কাৰ্য্যত শ্ৰমদান কৰি হতে-কামে লাগি পৰা দেখিবলৈ পোৱা গৈছে ৷
এই শ্ৰমদানৰ মাজতো অকৌ হৰিনাম ল'বলৈ পাহৰা নাই ৰাইজে । ইফালে অধিবেশনখনিলৈ কেইটামান দিন বাকী থকা অৱস্থাতো ভক্তপ্ৰাণ ৰাইজে জাতীয় সাজপাৰ পৰিধান কৰি অধিবেশনস্থলীত পুৱাৰ পৰাই উপস্থিত হৈ ভক্তি ভৰা হৃদয় লৈ অস্থায়ী নামঘৰত সেৱা আগবঢ়াইছে সকলোৱে ৷
অংশ লৈছে খোল প্ৰসংগ নাম প্ৰসংগ আদি শংকৰী কলা সংস্কৃতিৰ কাৰ্য্যসূচীত। পুৱাৰ পৰাই হৰিনামৰে মুখৰিত হৈছে অধিবেশনস্থলী জ্যেতি,-বিষ্ণু সমন্বয় ক্ষেত্ৰ ৷ ইফালে এইসকল ভক্তপ্ৰাণ ৰাইজ ও আইমাতৃ পূৱাই লক্ষীমপুৰৰ পৰা আহি হৰিনামত মতলীয়া হৈ পৰা দেখা গৈছে অধিৱেশনস্থলী ৷
যি হৰিনামৰ ধ্বনিয়ে দ্বিত্বীয় বৈকুণ্ঠ নগৰীলৈ ৰূপন্তৰিত কৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ৷ অহা ২০২৭ বৰ্ষত লক্ষীমপুৰত অনুষ্ঠিত হ'ব লগা এই শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৬ সংখ্যক ৰাজ্যিক অধিৱেশনৰ বাবে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ অধিবেশনৰ আয়োজন আৰু পৰিবেশ পৰিস্থিতিৰ বুজ ল'বলৈ আহি হৰিনামত বিভোৰ হৈ পৰা দেখা গ'ল লক্ষীমপুৰীয়া ভক্তপ্ৰাণ ৰাইজক ৷
এই অধিৱেশন স্থলীৰ পৰা লক্ষীমপুৰলৈ কেনেকৈ ধৰ্মধ্বজা লৈ যাব, নামঘৰৰ চোৱা খুঁটা কেনেকৈ লৈ যাব তাৰেই আচঁনি প্ৰস্তুত কৰাত ব্যস্ত হোৱা দেখা গ'ল এইসকল ভক্তপ্ৰাণ ৰাইজ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us