/asomiyapratidin/media/media_files/2025/11/13/217-2025-11-13-15-16-48.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশখনি অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি-বিষ্ণু ক্ষেত্ৰত অনুষ্ঠিত হ'ব ৷ এই উদ্দেশ্যে জামুগুৰিহাটৰ কাঠৰবাৰীস্থিত শংকৰদেৱ সংঘৰ অস্থায়ী কাৰ্যালয়ত প্ৰদৰ্শনী আৰু গ্ৰন্থ উপসমিতয়ে এখনি সংবাদমেলৰ আয়োজন কৰে ৷
প্ৰদৰ্শনী উপ সমিতিৰ সভাপতি নিতুমনি বৰাই সংবাদমেল সম্বোধন কৰি কয়- এইবাৰ অধিৱেশনৰ লগত সংগতি ৰাখি এহেজাৰ টা প্ৰদৰ্শনী কোঠা নিৰ্মান কৰা হ'ব ৷ উক্ত কোঠাত থলুৱা ব্ৰস্ত্ৰ, সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শনৰ লগতে গ্ৰন্থ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে ৷
ইতিমধ্যে এই কোঠাসমূহ আবণ্টনৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰতিটো কোঠা পঞ্জীয়নৰ বাবে পাঁচ হেজাৰ টকাকৈ নিৰ্দ্ধাৰণ কৰা হৈছে ৷ সভাপতিগৰাকীয়ে আৰু কয়-যি সমুহ প্ৰতিষ্ঠানে আগতিয়াকৈ পঞ্জীয়ন কৰিব সেইসমূহ প্ৰতিষ্ঠাক একাদিক্ৰমে কোঠা প্ৰদান কৰা হ'ব।
সভাপতিগৰাকীয়ে এটা একাউণ্ট নম্বৰো ঘোষণা কৰে ৷ সংবাদমেলত আদৰণি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মন সম্পাদক বিপুল বৰা প্ৰমুক্ষে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us