আজিৰে পৰা বটদ্ৰৱা থানত মহাপুৰুষ শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মজয়ন্তী...

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি। জন্মস্থান বটদ্ৰৱা থানত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক গুৰু আৱিৰ্ভাব মহোৎসৱভাগ আড়ম্বৰপূৰ্ণভাৱে আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
New Update
batradava 02

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি। জন্মস্থান বটদ্ৰৱা থানত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক গুৰু আৱিৰ্ভাব মহোৎসৱভাগ আড়ম্বৰপূৰ্ণভাৱে আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে।

আজি পুৱা তাল কোবোৱা প্ৰসঙ্গ, মঞ্জিৰা নাম, উষা কীৰ্তনৰ পাছতে আইসকলৰ নাম অনুষ্ঠিত হৈছে। পাছত খোল প্ৰসঙ্গ,  সাংস্কৃতিক শোভাযাত্রা, নাম প্ৰসঙ্গ,  গুৰুচৰিত পাঠৰ পাছত সন্ধিয়া ৫ বজাত বটদ্ৰৱা থান চৌহদত ৫৭৭ গছি বন্তি প্ৰজ্বলন কৰা হ'ব।

নিশা ৮ বজাত বটদ্ৰৱাৰ শলগুৰি আৰু নৰোৱা সত্ৰৰ যুৱক বৃন্দৰ দ্বাৰা "নৃসিংহ যাত্ৰা" ভাওনা প্ৰদৰ্শন কৰা হ’ব।

বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ