দৰ্শনাৰ্থীৰ বাবে মুকলি শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নৱনিৰ্মিত বটদ্ৰৱা প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে দেওবাৰে মুকলি কৰা হয়

author-image
Asomiya Pratidin
New Update
39

ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নৱনিৰ্মিত বটদ্ৰৱা প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে দেওবাৰে মুকলি কৰা হয়। শনিবাৰে জাননীযোগে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কথা ঘোষণা কৰাৰ পাছত আজি পুৱাই বটদ্ৰৱা প্ৰকল্প দৰ্শনৰ বাবে দর্শনার্থীসকলকে শাৰী পাতি প্ৰবেশ কৰে।

প্রকল্পত প্ৰবেশ কৰি নামকীৰ্তন কৰি আনন্দ প্ৰকাশ কৰিলে দৰ্শনাথীসকলে। মূলত শ্ৰীশ্ৰীবটদ্ৰৱা থানলৈ অহা ভকত-বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃ আৰু পৰিয়ালবৰ্গক শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনৰ বাবে সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু নিয়মাৱলী নিৰ্ধাৰণ কৰা হৈছে।

ধূমপান, মাদক দ্রব্য, তামোল পাণ, পাণ মচলা, গুটখা আদি ব্যৱহাৰত সম্পূৰ্ণৰূপে বাধা থাকিব। উল্লেখ্য যে, যোৱা বৰ্ষৰ ২৯ ডিচেম্বৰত বটদ্রৱা থানত নতুন ইতিহাস সৃষ্টি কৰি আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছিল এই বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিছিল বহু প্ৰত্যাশিত এই প্ৰকল্প।

বটদ্ৰৱা