শ্ৰীশ্ৰী বটদ্ৰৱা থানত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক 'গুৰু আৱিৰ্ভাৱ মহোৎসৱ' উদযাপনৰ আয়োজন

শ্ৰীশ্ৰী বটদ্ৰৱা থানত অহা ১৫ আৰু ১৬ আহিন ইংৰাজী ২ আৰু অক্টোবৰ (বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে) শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক গুৰু আৱিৰ্ভাব মহোৎসৱভাগ আড়ম্বৰপূৰ্ণভাৱে দুদিনীয়াকৈ উদযাপন কৰাৰ বাবে আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
449

ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত অহা ১৫ আৰু ১৬ আহিন ইংৰাজী ২ আৰু অক্টোবৰ (বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে) শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক গুৰু আৱিৰ্ভাব মহোৎসৱভাগ আড়ম্বৰপূৰ্ণভাৱে দুদিনীয়াকৈ উদযাপন কৰাৰ বাবে আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ১৫ আহিনবৃহস্পতিবাৰে পুৱা ৩-০০ বজাত তাল কোবোৱা প্ৰসঙ্গ, পুৱা ৪ বজাত মঞ্জিৰা নাম, পুৱা ৪-৩০ বজাত উষা কীৰ্তন, পুৱা ৮ বজাত আইসকলৰ নাম, পুৱা ১০ বজাত খোল প্ৰসঙ্গ, ১০-৩০ বজাত সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ'ব।

১১-০০ বজাত নাম প্ৰসঙ্গ আৰু প্ৰসাদ বিতৰণ, বিয়লি ২ বজাত গুৰুচৰিত পাঠ কৰিব পাঠাচাৰ্য- ডম্বৰুধৰ বৰনামলগোৱাই। সন্ধিয়া ৫-০০ বজাত ৫৭৭ গছি বন্তি প্ৰজ্বলন কৰা হ'ব।

দেৱেন বৰনামলগোৱাৰ দ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰা হ'ব। নিশা ৮-০০ বজাত বটদ্ৰৱাৰ দুই সত্ৰৰ যুৱক বৃন্দৰ দ্বাৰা তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীৰ পৰিচালনাত "নৃসিংহ যাত্ৰা"  ভাওনা প্ৰদৰ্শন কৰা হ’ব। ১৬ আহিন শুক্ৰবাৰে পুৱা ৩-০০ বজাত তালকোবোৱা প্ৰসঙ্গ, পুৱা ৪-০০ বজাত মঞ্জিৰা নাম, পুৱা ৪-৩০ বজাত ঊষা কীৰ্তন, পুৱা ৮-০০ বজাত আইসকলৰ নাম, পুৱা ১০-০০ বজাত খোল প্ৰসঙ্গ , ১১-০০ বজাত অসমৰ অমৃতকণ্ঠ জুবিনগাৰ্গৰ স্মৃতিত ৫২ জুপি নাহৰ ৰোপন।

গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিব বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তই। দিনৰ ১১-৩০ বজাত নাম প্ৰসঙ্গ আৰু প্ৰসাদ বিতৰণ ।

দিনৰ ১-০০ বজাত আমন্ত্ৰিত আইসকলৰ দ্বাৰা দিহানাম পৰিৱেশন। দিনৰ ২-০০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰ ১৫০১ টকা, দ্বিতীয় পুৰষ্কাৰ ১০০১ টকা আৰু তৃতীয় পুৰষ্কাৰ ৭০১ টকা ধাৰ্য্য কৰা হৈছে।

বিয়লি ১-০০ বজাত বটদ্ৰৱা থানৰ ৱেবছাইট উন্মোচন কৰিব বটদ্ৰৱা শ্ৰী শ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° নমিতা কলিতাই। বিয়লি৩-৩০ বজাত ৰচনা প্ৰতিযোগীতা অনুষ্ঠিত হ'ব। ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰ ১৫০১ টকা, দ্বিতীয় পুৰষ্কাৰ ১০০১ টকা আৰু তৃতীয় পুৰষ্কাৰ ৭০১ টকা ধাৰ্য্য কৰা হৈছে।

নিশা ৭-০০ বজাত পুৰণিগুদামৰ ৰঙ্গালয় গোষ্ঠীয়ে পৰিৱেশন কৰিব গুৰু অংকীয়া নাট "পাৰিজাত হৰণ"। বটদ্ৰৱা থানত অনুষ্ঠিত হ'বলগীয়া মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে, উদযাপন সমিতিয়ে।

শ্ৰীমন্ত শংকৰদেৱ