অষ্ট্ৰেলিয়ান মহিলাক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰ....

Danushka Gunathilaka
Danushka Gunathilaka

ডিজিটেল ডেস্কঃ দিন বেয়া ২০২২ এছিয়া কাপ বিজয়ী শ্ৰীলংকান ক্ৰিকেট দলৰ। এছিয়া কাপ জয় কৰি আত্মবিশ্বাসী হৈ থকা দলটোক বহুতেই টি-২০ বিশ্বকাপৰো ফেভাৰিত আখ্যা দিছিল যদিও দলটো ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। পৰাজয়ৰ গ্লানিৰ মাজতে এইবাৰ দলটোৰ এগৰাকী ক্ৰিকেটাৰক অষ্ট্ৰেলিয়ান আৰক্ষীয়ে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বৰ ক্ৰিকেট জগতত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অষ্ট্ৰেলিয়াৰ মাটিত অনুষ্ঠিত হৈ থকা টি-২০ বিশ্বকাপ খেলিবলৈ গৈ অষ্ট্ৰেলিয়ান আৰক্ষীৰ আলহী হোৱা এইগৰাকী শ্ৰীলংকান ক্ৰিকেটাৰ ডানুষ্কা গুনাথিলাকা। বিশ্বাকাপৰ প্ৰথম ৰাউণ্ডৰ মেচত অংশগ্ৰহণ কৰাৰ পিছতে আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ'বলগীয়া হোৱা শ্ৰীলংকাৰ বেটছমেন ডানুষ্কাৰ বিৰুদ্ধে উত্থাপিত হৈছে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ।

বিশ্বকাপ খেলিবলৈ গৈ অষ্ট্ৰেলিয়াৰ ৰোজ বে'ৰ বাসগৃহত এগৰাকী ২৯ বছৰীয়া মহিলাক যৌন নিৰ্যাতন উত্থাপন হৈছে ডানুষ্কাৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন হোৱাৰ পিছতে ছিডনী আৰক্ষীয়ে ডানুষ্কাক শ্ৰীলংকান ক্ৰিকেট দলটোৱে বাহৰ পাতি থকা হোটেলৰ পৰাই গ্ৰেপ্তাৰ কৰে।

এই সন্দৰ্ভত ছিডনীৰ নিউ ছাউথ ৱেলথৰ আৰক্ষীয়ে এক বিবৃতিও জাৰি কৰিছে। য'ত কোৱা হৈছে যে ডানুষ্কাই এক অনলাইন ডেটিং এপ্লিকেচনৰ জৰিয়তে এগৰাকী মহিলাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল। ইয়াৰ পিছতে উক্ত মহিলাগৰাকীয়ে ডানুষ্কাক সাক্ষাত কৰে।

তাৰ পিছতে যোৱা ২ নৱেম্বৰত সেই মহিলাগৰাকীক ডানুষ্কাই যৌন নিৰ্যাতন চলাই বুলি প্ৰকাশ কৰিছে উক্ত বিবৃতিত। আনহাতে আৰক্ষীয়ে ইতিমধ্যে যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উঠা বাসগৃহটোও পৰ্যবেক্ষণ কৰিছে।

ইফালে এই ঘটনা সন্দৰ্ভত শ্ৰীলংকান ক্ৰিকেট সংস্থায়ো এক বিবৃতি জাৰি কৰিছে। সন্থাই অষ্ট্ৰেলিয়াৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত নজৰ ৰাখিব বুলি উল্লেখ কৰি কয় যে যদিহে ডানুষ্কা দোষী সাব্যস্ত হয় তেন্তে শ্ৰীলংকা ক্ৰিকেট সন্থায়ো তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in