শ্ৰীভূমিত নিষিদ্ধ কফ ছিৰাপসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰে’ল আৰক্ষীয়ে জব্দ কৰে মুঠ ৪৩৬টা কফ ছিৰাপৰ বটল । এই কফ ছিৰাপৰ বজাৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শ্ৰীভূমিঃ শ্ৰীভূমিৰ বদৰপুৰ ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ। ১৪৭ বেটেলিয়ন চি আৰ পি এফ ইউনিট আৰু বদৰপুৰ ৰে’ল আৰক্ষীৰ যৌথ অভিযানত  বৃহৎ পৰিমাণৰ কফ ছিৰাপখিনি জব্দ কৰিবলৈ সক্ষম হয়। ১৫৬২৫ নং আগৰতলা সাপ্তাহিক এক্সপ্ৰেছ ট্ৰেইনৰ পৰা জব্দ কৰিছে এই  কফ ছিৰাপখিনি। ৰে’ল আৰক্ষীয়ে  মুঠ ৪৩৬টা কফ ছিৰাপৰ বটল জব্দ কৰে। লগতে কফ ছিৰাপ সৰবৰাহৰ লগত জড়িত এজন যুৱককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজনৰ নাম সনবীৰ আলম। যুৱকজন বিহাৰৰ ইছলামপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। 

WhatsApp Image 2026-02-04 at 12.19.10 PM

উল্লেখ্য যে, কফ ছিৰাপখিনি  তিনিটা টিনৰ বাকচত লুকুৱাই আনিছিল। বিহাৰৰ খগ্ৰিয়াৰ পৰা বদৰপুৰলৈ অনা হৈছিল কফ ছিৰাপ খিনি। ৰে’ল আৰক্ষীৰ তথ্য অনুসৰি এই কফ ছিৰাপৰ বজাৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। ৰে'ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সনবীৰ আলমৰ বিৰুদ্ধে এমডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে। 

শ্ৰীভূমি