ৰে'লৱে আৰক্ষীৰ বৃহৎ সফলতা

বদৰপুৰ ৰে'ল ষ্টেচনত ৰে'লৱে আৰক্ষীৰ বৃহৎ সফলতা। ৮০ লাখ টকাৰ সোণৰ বিস্কুটসহ এজন লোকক গ্ৰেপ্তাৰ কৰে ৰে'লৱে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,শ্ৰীভূমিঃ ৰে'লৱে আৰক্ষীৰ বৃহৎ সফলতা। ৮০ লাখ টকাৰ সোণৰ বিস্কুটসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৰে'লৱে আৰক্ষীয়ে। বদৰপুৰ ৰে'ল ষ্টেচনত ১৫৬২৬ নং দেওঘৰ সাপ্তাহিক এক্সপ্ৰেছ ৰে’লখনৰ নিয়মীয়া তালাচীৰ সময়ত ৰে’ল আৰক্ষীয়ে অভিজিৎ দেৱনাথ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লোকজনৰ পৰা পাঁচটা সোণৰ বিস্কুটো উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা সোণৰ বিস্কুটৰ ওজন ৫৮৪.০৪ গ্ৰাম বুলি জানিব পৰা গৈছে। 

WhatsApp Image 2026-02-22 at 1.06.33 PM

ধৃত অভিজিৎ দেৱনাথৰ ঘৰ জিলা-পশ্চিম ত্ৰিপুৰাৰ থানা-ৰাণী বজাৰৰ মাজলিশপুৰৰ হৰি চৌধুৰী পাৰাত।অভিজিৎ দেৱনাথে ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ লৈ যোৱাৰ উদ্দেশ্য আছিল সোণৰ বিস্কুট। ৰে’ল আৰক্ষীৰ তথ্য অনুসৰি সোণৰ বিস্কুটৰ আনুমানিক বজাৰ মূল্য ৮০ লাখ টকা। ইতিমধ্যে ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

WhatsApp Image 2026-02-22 at 1.06.32 PM

শ্ৰীভূমি