/asomiyapratidin/media/media_files/2025/08/08/nijjd-2025-08-08-14-03-40.jpg)
ডিজিটেল সংবাদ, শ্ৰীভূমিঃ শ্ৰীভূমিৰ বজাৰত এফ চি আইৰ সুলভ মূল্যৰ চাউল । এই চাউল অবৈধ ৰূপে বিক্ৰী হোৱাৰ অভিযোগ উঠিছে। ৰাজহুৱা অভিযোগৰ ভিত্তিত বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ।
শ্ৰীভূমিৰ বজাৰৰ পৰা জব্দ কৰা হৈছে সুলভ মূল্যৰ এই ৩০০ কুইন্টল চাউল। বজাৰৰ এচাম ব্যৱসায়ীয়ে বিক্ৰী কৰি আছে এফ চি আইৰ এই চাউল। সচেতন মহলে এই অভিযোগ দিছিল বিভাগীয় মন্ত্ৰীগৰাকীক।
মন্ত্ৰীয়ে লগে লগে তদন্তৰ নিৰ্দেশ দিয়ে আৰু বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশত সহকাৰী আয়ুক্ত তথা যোগান বিভাগে বৃহস্পতিবাৰে বিয়লি শ্ৰীভূমি বজাৰত অভিযান চলাই কেইবাখনো দোকানৰ পৰা এফ চি আইৰ চাউল জব্দ কৰে।
অভিযোগ অনুসৰি, স্থানীয় একাংশ ব্যৱসায়ীয়ে এই চাউল অবৈধভাৱে বিক্ৰী কৰি আছিল। বৰ্তমান চাউল খিনি বিভাগীয় নীতি নিয়ম অনুসৰি জব্দ কৰা হৈছে। লগতে তদন্ত আৰম্ভ কৰিছে বিভাগে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us