/asomiyapratidin/media/media_files/2025/05/21/kTm5ecA2W81NYBEyFX3w.jpg)
ডিজিটেল সংবাদ শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে শ্ৰী ভুমি আৰক্ষীৰ অভিযান অব্যাহত আছে। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এইবাৰ FCI DUTY লিখা এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে বুজণ পৰিমাণৰ নিচাজাতীয় হেৰ'ইন জব্দ কৰিছে।
গোপন তথ্যৰ ভিত্তিত বুধবাৰে শ্ৰীভুমি জিলাৰ বাইপাছত এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে হেৰ'ইন ভৰ্তি ১১০ টা চাবোনৰ বাকচ। ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰা চাবোনৰ বাকচ কেইটাৰ পৰা মুঠ ১২৩৭ গ্ৰাম সন্দেহ জনক হেৰ'ইন জব্দ কৰা হয়।
জব্দ কৰা হেৰ'ইন খিনিৰ মুল্য প্ৰায় ৬ কোটি টকা । ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকৰ দুজন চালকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজন বদৰপুৰ'ৰ মহাকল এলেকাৰ জয়নাল হুছেইন আৰু কালা মিঞা । অধিক তথ্যৰ ধৃত লোক দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
ইফালে, এই বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰা বাবে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক একাউণ্টত হেৰ'ইনৰ ফটো আপলোড কৰি শ্ৰী ভূমি আৰক্ষীক ধন্যবাদ জনাইছে।