/asomiyapratidin/media/media_files/2026/02/04/1-2026-02-04-11-11-49.jpg)
ডিজিটেল সংবাদ,শ্ৰীভূমিঃ বিষ্ণুপ্ৰিয়া মণিপুৰী অটোনোমাছ কাউন্সিল গঠনৰ দাবীৰে পাথাৰকান্দিত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। হাতে হাতে প্লেকাৰ্ড লৈ ৰাজপথ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/04/whatsapp-ima-2026-02-04-11-12-16.jpeg)
বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ ভূমি, ঐতিহ্য, সামাজিক আৰু সাংস্কৃতিক পৰিচয়, ভাষাগত ঐতিহ্য আৰু সামাজিক কল্যাণ ৰক্ষাৰ বাবে বিষ্ণুপ্ৰিয়া মণিপুৰী অটোনোমাছ কাউন্সিল গঠনৰ দাবীৰে পাথাৰকান্দি চহৰ কঁপাই তোলে বিষ্ণুপ্ৰিয়া মণিপুৰী সৈনিক ওয়েলফেয়াৰ অৰ্গেনাইজেচনে। এই দাবীৰ সমৰ্থনত সমদলত অংশগ্ৰহণ কৰে বিষ্ণুপ্ৰিয়া মণিপুৰী বিভিন্ন সংগঠনে । প্ৰায় ডেৰ হাজাৰ আন্দোলনকাৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইপিনে পাথাৰকান্দি সৈনিক ক্লাব চৌহদৰ পৰা ওলাই যোৱা এই সমদলত "আমাৰ দাবী মানিবই লাগিব" আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিষ্ণুপ্ৰিয়া মণিপুৰী সংগঠনটৰ কাৰ্মকৰ্তা সকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/04/whatsapp-im-2026-02-04-11-12-29.jpeg)
ইয়াৰ পাছত এই সমদল গৈ উপস্থিত হয় পাথাৰকান্দি সম জিলা কাৰ্যালয়ত। তাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্দ্যেশ্যৰে বিষ্ণুপ্ৰিয়া মণিপুৰী অটোনোমাছ কাউন্সিল গঠন তথা মন্ত্ৰীসভাৰ অনুমোদনৰ অনুৰোধ জনাই স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰ প্ৰদান কৰি আন্দোলনকাৰী সকলে সংবাদ মাধ্যমৰ আগত কয় যে - বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিষ্ণুপ্ৰিয়া মণিপুৰী অটোনোমাছ কাউন্সিল গঠনৰ অনুমোদন দিয়া আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নহ'লে পৰৱৰ্তী সময়ত আন্দোলন আৰু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us