শ্ৰীভূমিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২জন, আহত ১৭জন

শ্ৰীভূমিত শনিবাৰে পুৱা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যাত্ৰীয়ে থিতাতে প্ৰাণ হেৰুৱায় আৰু আন ১৭ জন লোক গুৰুতৰভাৱে আহত হয়।

author-image
Asomiya Pratidin
New Update
vsdfefdsdfs

ডিজিটেল সংবাদ, শিলচৰঃ শ্ৰীভূমিত শনিবাৰে পুৱা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যাত্ৰীয়ে থিতাতে প্ৰাণ হেৰুৱায় আৰু আন ১৭ জন লোক গুৰুতৰভাৱে আহত হয়। শনিবাৰে পুৱা প্ৰায় ৬ বজাত শ্ৰীগৌৰী এলেকাত এই কৰুণ ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, তীব্ৰবেগী এখন ডাম্পাৰে এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বাছক খুন্দা মৰাৰ ফলত বাছখন পথৰ কাষৰ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত নিৰদ দাস আৰু তপন বিশ্বাস নামৰ দুজন যাত্ৰীৰ থিতাতে মৃত্যু হয়।

ইফালে, দুৰ্ঘটনাটোৰ পিছত ডাম্পাৰ চালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে স্থানীয় লোকে তেওঁক ধৰি ৰাখে। দুৰ্ঘটনাত জড়িত ডাম্পাৰখনৰ নম্বৰ TR-05-H-1738 আৰু ট্ৰেভেলাৰখনৰ নম্বৰ AS-10-C-6667 বুলি জানিব পৰা গৈছে।

খবৰ পোৱাৰ লগে লগে স্থানীয় বাসিন্দাসকলে দ্ৰুতগতিত উদ্ধাৰ অভিযান আৰম্ভ কৰে। গুৰুতৰভাৱে আহত এজন যুৱকক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত বদৰপুৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাকী আহতসকলক উদ্ধাৰ কৰি শ্ৰীগৌৰী চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰিছে।

জানিব পৰা মতে, দুৰ্ঘটনাটোত জড়িত ট্ৰেভেলাৰখনৰ যাত্ৰীসকল কীৰ্তন দলৰ সদস্য আছিল। আহতসকলৰ নামসমূহ হৈছে— ৰীনা মালাকাৰ (৩৭), সজল মালাকাৰ (২৮), ৰঞ্জিতা মালাকাৰ (৩০), প্ৰদীপ ৰায় (৭), বীৰেন্দ্ৰনাথ তালুকদাৰ (৫৫), ৰন্দিৰ দাস (৫০), প্ৰণৱ ৰায় (৩০), মনোষ ৰায় (৪৫), চন্দন দে (৪৪), কৃষ্ণ সূত্ৰধৰ (৩৬), সুপ্ৰান দাস (৪৪), লিপিকা দাস (৫১), সুমতী বিশ্বাস (৩০), আতিঅলি দাস ৰায় (৩০), প্ৰদীপ ৰায় (১২), পম্পাম ৰায় (৪২) আৰু মনীষা বিশ্বাস (১১)।

ডাম্পাৰ