/asomiyapratidin/media/media_files/2025/09/06/karimganj-6-2025-09-06-09-38-56.jpg)
ডিজিটেল সংবাদ শ্ৰীভূমিঃ কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি কৰাৰ বিৰুদ্ধে নাগৰিক অভিৱৰ্তনৰ পিছত ৬ ছেপ্তেম্বৰত কৰিমগঞ্জ জিলাত সৰ্বাত্মক বন্ধৰ আহ্বান জনাইছিল কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তন প্ৰতিৰোধ নাগৰিক কমিটীয়ে। কিন্তু আজি পুৱাৰ ভাগত সেই বন্ধৰ কোনো প্ৰভাৱ দেখা পোৱা নগ’ল।
কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তন প্ৰতিৰোধ নাগৰিক কমিটীয়ে সকলো ধৰ্মৰ লোকক ৰাজপথলৈ ওলাই আহি ধৰ্মঘট পালন কৰিবলৈ আহ্বান কৰিছিল যদিও নাগৰিক প্ৰতিৰোধ কমিটীৰ সদস্যকেই দেখিবলৈ পোৱা নগ’ল। বৰঞ্চ কেইগৰাকীমান মহিলাই বন্ধৰ সমৰ্থনত ওলাই আহি বিভিন্ন শ্লোগান দিয়াহে দৃশ্য দেখিবলৈ পোৱা গৈছে।
তাৰ বিপৰীতে আনফালে একাংশ যুৱকে জয় শ্ৰীৰাম ধ্বনি দিয়াও পৰিলক্ষিত হৈছে। ইফালে প্ৰশাসনে যিহেতু পূৰ্বেই বি এন এছৰ ১৬৩ ধাৰা বলবৎ কৰিছিল সেয়ে বন্ধ সমৰ্থনকাৰী মহিলা আৰু পুৰুষ সমৰ্থকক আটক কৰিছে শ্ৰীভূমি আৰক্ষীয়ে। উল্লেখ্য আজি ১২ ঘন্টীয়া শ্রীভূমি বন্ধৰ আহ্বান জনাইছিল বাওঁ দল, কংগ্ৰেছ দলসহ নাগৰিক কমিটী নামৰ সংগঠনে।
কৰিমগঞ্জৰ নাম পৰিবৰ্তন কৰি শ্ৰীভূমি ৰখাৰ বিৰোধিতা কৰি আজি ঘোষণা কৰা বন্ধ সফল কৰাৰ লক্ষ্যৰে যোৱা দিনসমূহত বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰাৰ লগতে মাইকযোগেও ব্যাপক প্ৰচাৰ চলাইছিল। আনফালে অধিকাংশ ৰাইজ তথা শাসকীয় দলে এই বন্ধৰ তীব্ৰ বিৰোধিতা কৰি বন্ধ নস্যাৎ কৰাৰ আহ্বান জনাই আহিছিল।
শুকুৰবাৰ নিশা এই বন্ধ সংক্ৰান্ততে জিলা প্ৰশাসনেও জাৰি কৰিছে ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা। শ্ৰীভূমি জিলা আয়ুক্ততই জাৰি কৰা ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা অনুসৰি শনিবাৰে কিছুমান বিধি নিষেধ আৰোপ কৰিছে। সেই অনুসৰি জিলাখনত পুৱা ৫ বজাৰ পৰা নিশা ৮ বজালৈকে এই বিধি নিষেধ বলবৎ থাকিব।
আদেশ অনুসৰি ৫ জনতকৈ অধিক লোক গোট খোৱা, বন্ধ, ধৰ্ণা, সমদল উলিওৱা আদিত বাধা প্ৰদান কৰা হৈছে।যাৰ ফলত আজি শ্ৰীভূমি চহৰত প্ৰতিদিনৰ দৰেই যানবাহনৰ চলাচল, ৰে’ল চলাচল স্বাভাৱিক। অৱশ্যে চহৰৰ পৰা দূৰণীলৈ যাত্ৰা কৰা যাত্ৰাবাহী বাছৰ চলাচল বন্ধ থকা দেখিবলৈ পোৱা গৈছে।