/asomiyapratidin/media/media_files/2026/02/11/fdfdfdfdf-2026-02-11-18-16-00.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়াৰ নাগেশ্বৰ শিৱালয় প্ৰাংগনত অনুষ্ঠিত কৰা হৈছে শ্ৰীশ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞ ৷ বিগত ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা শিৱ মহাপুৰাণ মহাযজ্ঞ ভাগ ১৫ ফেব্ৰুৱাৰী লৈকে চলিব বুলি আয়োজক জানিবলৈ দিছে।
/asomiyapratidin/media/post_attachments/d116bd5d-e40.png)
এই শ্ৰী শ্ৰী শিৱ মহাপুৰাণ মহাজ্ঞান যজ্ঞভাগ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ব্যক্তি স্বৰ্গীয় বিষ্ণুলাল পাঠক আৰু তেখেতৰ পিতৃ কূলৰ উদ্ধাৰৰ লক্ষেৰে আয়োজন কৰিছে দধীৰাম পাঠক আৰু পৰীয়ালবৰ্গই ৷ গাওঁবাসীৰ লগতে বিশ্বশান্তি কামনাৰে আয়োজিত এই শ্ৰীশ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞ উপলক্ষে যোৱা ৬ ফেব্ৰুৱাৰী পুৱাই বৰুণ আহ্বান কৰি জীয়া ভৰলী নৈ পৰা শতাধিক মহিলাই কলহত পানী ভৰাই জল যাত্ৰা কৰা হয় ৷ ইয়াৰ পিছতেই কথা প্ৰবচক চৈতন্য চৰণ সত্যনাথ অগস্তিয়ে শিৱ পুৰাণ বিষয়ে ভক্তপ্ৰাণ ৰাইজক কথা শ্ৰৱণ কৰায় ৷ ধৰ্মীয় অনুষ্ঠানটিত পৰিয়ালবৰ্গৰ হৈ দধীৰাম পাঠকে অংশগ্ৰহণকাৰী সকলো ভক্ত প্ৰাণ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us