নিৰপেক্ষ হৈ থকাতো অতি কঠিন, কিন্তু সাদিন-প্ৰতিদিন গোষ্ঠীয়ে সেয়া কৰি দেখুৱাইছেঃ শ্ৰী শ্ৰী ৰবিশংকৰ...

দ্য কনক্লেভ-২০২৫ৰ শুভাৰম্ভণি কৰি শ্ৰী শ্ৰী ৰবিশংকৰ জীয়ে কয় যে, এক মহান উদ্দেশ্য আগত ৰাখি সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা এনে অনুষ্ঠানৰ বাবে প্ৰথমেই মই জয়ন্ত বৰুৱাৰ লগতে ইয়াৰ সকলো বিষয়...

New Update
ap web 3

ডিজিটেল ডেস্কঃ দ্য কনক্লেভ-২০২৫ৰ শুভাৰম্ভণি কৰি শ্ৰী শ্ৰী ৰবিশংকৰ জীয়ে কয় যে, এক মহান উদ্দেশ্য আগত ৰাখি সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা এনে অনুষ্ঠানৰ বাবে প্ৰথমেই মই জয়ন্ত বৰুৱাৰ লগতে ইয়াৰ সকলো বিষয়-ববীয়াক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। এটা আঞ্চলিক সংবাদ গোষ্ঠীয়ে ৰাজধানী চহৰত আয়োজন কৰা এনে অনুষ্ঠান সচাঁকৈয়ে বিৰল।

উত্তৰ-পূবৰ মাটি-পানী-বায়ুক লৈ শ্ৰী শ্ৰী ৰবিশংকৰ জীয়ে কয় যে, উত্তৰ পূব সৈতে ভগৱানৰ এক অনুপম সৃষ্টি। বাস্তু শাস্ত্ৰৰ মতেও উত্তৰ-পূব দিশ খুবেই সমৃদ্ধিশালী।  বাস্তু শাস্ত্ৰত সেয়েহে উত্তৰ-পূবক 'দেৱ মূল্য' বুলি কোৱা হয়। ভগৱানে নিজে থাকিবলৈ সৃষ্টি কৰা এটা কোণ হৈছে উত্তৰ-পূব। য'ত কেৱল যোগাত্মক চিন্তা-ধাৰাই প্ৰাধান্য লাভ কৰে। সেয়েহে দেশৰ উন্নয়নৰ বাবেও উত্তৰ-পূবৰ ভূমিকা আৰু অৱদান উল্লেখনীয়।

সংবাদমাধ্যমৰ ভূমিকাৰ সন্দৰ্ভতো শ্ৰী শ্ৰী ৰবিশংকৰজীয়ে উল্লেখ কৰে। তেওঁ কয়- সংবাদমাধ্যমৰ ভূমিকা সমাজত খুবেই গুৰুত্বপূৰ্ণ। সেয়েহে অইনতকৈ এই মাধ্যমৰ সৈতে জড়িত লোকসকল অধিক সচেতৱ হোৱা উচিত। শুদ্ধ তথ্যৰ লগতে সমাজৰ প্ৰতি গৰাকী লোকক শুদ্ধ পথৰ সন্ধান দিয়াটোও সাংবাদিকৰ অন্যতম এক কৰ্তব্য।

তেওঁ সংবাদ মাধ্যমৰ দায়িত্বৰ কথা উল্লেখ কৰি কয় যে, সংবাদ মাধ্যমে মানুহৰ বিশ্বাস আহৰণ কৰিব লাগে। নিৰপেক্ষ হৈ থকা অতি কঠিন। কিন্তু জয়ন্ত বৰুৱা আৰু তেওঁৰ সংবাদ গোষ্ঠীয়ে নিৰপেক্ষ হৈ ৰাইজৰ কাষলৈ সঠিক বাতৰি লৈ গৈছে।তেওঁ কয়- সংবাদ সজীৱ হ’ব লাগে, তেতিয়াহে তাৰ জীৱন থাকে।”উত্তৰ-পূবৰ যুৱ শক্তিক প্ৰশংসা কৰি তেওঁ  লগতে কয় যে, উত্তৰ পূবৰ যুৱ প্ৰজন্ম সৰ্বতো দিশতে আগবঢ়া। সাংস্কৃতিক, আধ্যাত্মিক, ক্ৰীড়া আদি সকলো দিশতে উত্তৰ পূবে নিজৰ দক্ষতা দেখুৱাইছে।

ভাষণৰ শেষত শ্ৰী শ্ৰী ৰবিশংকৰ জীয়ে সকলো সংবাদকৰ্মী আৰু সংবাদিকক শাৰিৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ বাবে মেডিটেশ্যন, যোগ ব্যায়াম আদি কৰিবলৈও আহ্বান জনায়। তেতিয়াহে তেওঁলোক অধিক সক্ৰিয়তা প্ৰদৰ্শন কৰিব পাৰিব বুলি উল্লেখ কৰে। সুস্থ জীৱনৰ বাবে মানসিক আৰু শাৰিৰিকভাৱে আমি নিজক বিশুদ্ধ কৰি ৰখাতো খুবেই জৰুৰী।

সাদিন-প্ৰতিদিন গোষ্ঠীৰ সকলোকে পুনৰ ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে, গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ মাজত থাকিব লাগিব ভাল সংযোগ। তেতিয়াহে সমাজৰ উন্নতি সম্ভৱ। মই আশা কৰিছো সাদিন-প্ৰতিদিন গোষ্ঠীয়ে অনাগত সময়তো সমাজৰ অতন্দ্ৰ প্ৰহৰী হৈ কাম কৰি যাব।

মই দেখিছো যে, উত্তৰ-পূবৰ যুৱ শক্তিয়ে অতি ভাল সাংবাদিকতাৰ পৰিচয় দিছে। কেৱল সাংবাদিকতাই নহয়, সকলো ক্ষেত্ৰতে উত্তৰ-পূবৰ প্ৰতিভা আমি দেখিছে। উত্তৰ-পূবৰ এনে কন্ঠক ৰাষ্ট্ৰীয় প্ৰেক্ষপটত দাঙি ধৰাৰ বাবে এনে কনক্লেভ খুবেই প্ৰয়োজন। আগন্তুক সময়ত এই কনক্লেভ দেশৰ অন্য প্ৰান্ততো অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনায় শ্ৰী শ্ৰী ৰবিশংকৰজীয়ে। 

অসমীয়া প্ৰতিদিন 'অসমীয়া প্ৰতিদিন ডিজিটেল' প্ৰতিদিন গোষ্ঠী প্ৰতিদিন টাইম