SRক লৈ উত্তপ্ত হৈ পৰিছে বিলাসীপাৰা সমষ্টিৰ চাপৰ

SRক লৈ উত্তপ্ত হৈ পৰিছে বিলাসীপাৰা সমষ্টিৰ চাপৰ। চাপৰৰ ৰঙামাটিস্থিত ধুবুৰী-কোকৰাঝাৰ সংযোগী গড়কাপ্তানী বিভাগৰ পথত বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰতিকৃতি দাহ দেশী জনগোষ্ঠীয় মঞ্চ অসম আৰু দেশী যুৱ ছাত্ৰ মঞ্চ অসমৰ।

author-image
Asomiya Pratidin
New Update
FDFJKDFJKDJFKJSDF

ডিজিটেল সংবাদ, চাপৰঃ SRক লৈ উত্তপ্ত হৈ পৰিছে বিলাসীপাৰা সমষ্টিৰ চাপৰ। চাপৰৰ ৰঙামাটিস্থিত ধুবুৰী-কোকৰাঝাৰ সংযোগী গড়কাপ্তানী বিভাগৰ পথত বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰতিকৃতি দাহ দেশী জনগোষ্ঠীয় মঞ্চ অসম আৰু দেশী যুৱ ছাত্ৰ মঞ্চ অসমৰ।

উল্লেখ্য যে, SRত বিলাসীপাৰা সমষ্টিত অশোক কুমাৰ সিংহীয়ে ষড়যন্ত্ৰমূলকভাৱে খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই।

প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীক য’তে পাব তাতেই ঘেৰাও কৰিব বুলিও হুংকাৰ প্ৰদান কৰে দেশী জনগোষ্ঠীয় মঞ্চ অসম আৰু দেশী যুৱ ছাত্ৰ মঞ্চ অসমে।

বিলাসীপাৰা