মাঘ বিহু উপলক্ষে ৰঙামাটি স্পোৰ্টছ ক্লাৱৰ উদ্যোগত খেল-ধেমালি প্রতিযোগিতাৰ আয়োজন

মহিলাৰ ৰচী টনা প্রতিযোগিতা মুকলি কৰে সমাজকৰ্মী পংকজ লোচন গোস্বামীয়ে, পুৰুষৰ ৰচী টনা প্রতিযোগিতা মুকলি কৰে সমাজকৰ্মী অনুপ কুমাৰ মেধিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটি লাইব্ৰেৰী খেলপথাৰত মাঘ বিহু উপলক্ষে অইনবেলিৰ দৰে এইবেলিও ৰঙামাটি স্পোর্টছ ক্লাৱৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন খেল-ধেমালি প্রতিযোগিতাৰ আয়োজন কৰে। এই উপলক্ষে ভেশচন প্ৰতিযোগিতা মুকলি কৰে সমাজকৰ্মী হিমাংশু শ্বেখৰ বৈশ্যই।

WhatsApp Image 2026-01-15 at 5.51.59 PM (1)

উল্লেখ্য যে, মহিলাৰ ৰচী টনা প্রতিযোগিতা মুকলি কৰে সমাজকৰ্মী পংকজ লোচন গোস্বামীয়ে, পুৰুষৰ ৰচী টনা খেল প্রতিযোগিতা মুকলি কৰে সমাজকৰ্মী অনুপ কুমাৰ মেধিয়ে। ইপিনে পুৱা মেজি প্ৰজ্বলন কৰে ৰঙামাটি ৰাইজ গয়ৰহৰ সভাপতি কুশলজ্যোতি মালাকৰে,সৰু লৰা ছোৱালীৰ খেল ধেমালি মুকলি কৰে বাঢ়ন্তী মণিয়েৰী পাৰাকুছি গাঁও পঞ্চায়তৰ সভাপতি হিমাদ্ৰী মালাকৰে। 

WhatsApp Image 2026-01-15 at 5.52.01 PM

এই প্ৰতিযোগিতা উপলক্ষে অনুষ্ঠিত মুকলি সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰঙামাটি ৰাইজ গয়ৰহৰ বিষয়ববীয়া ৰাজেন্দ্ৰ নাথ,প্ৰাক্তন সম্পাদক গোলাপ মালাকৰ, শিক্ষয়িত্ৰী কৈল্যাণী ঠাকুৰীয়া,ডাঃ আলোকজ্যোতি মালাকৰ,কেশৱ দাস,সাংবাদিক মৌচমজ্যোতি বৈশ্য,অজিত মালীকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোকে। এই উপলক্ষে কেইবাগৰাকী কণ্ঠশিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰা পৰিলক্ষিত হয়। 

WhatsApp Image 2026-01-15 at 5.52.01 PM (1)

মিৰ্জা