দক্ষিণ কামৰূপৰ তিনিগৰাকী খেলুৱৈয়ে কঢ়িয়াই আনিলে সাফল্য

সমগ্ৰ ভাৰতৰ পৰা ৬০০ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ইপিনে স্থান লাভ কৰা জুৰি দাস আৰু অজয় ৰাভা হ'ল অঞ্জলী দাসে প্ৰশিক্ষণ দিয়া শিক্ষাৰ্থী।

author-image
Asomiya Pratidin
New Update
1

 ডিজিটেল ডেস্কঃ  ইণ্ডিয়ান ফিটনেছ কমিউনিটিৰ উদ্যোগত উত্তৰ পূৱ ভাৰতৰ সংস্থা নীপকোৰ তৰফৰ পৰা গুৱাহাটী ষ্টেডিয়াম ৰাণৰ শেহতীয়াভাৱে সৰু সজাই ষ্টেডিয়ামত পঞ্চম সংখ্যক প্ৰতিযোগিতা অনুষ্ঠিত কৰে।এই প্ৰতিযোগিতাত খালী ভৰিৰে খোজ কাঢ়ি লাডাখত উপস্থিত হৈ ৰেকৰ্ড কঢ়িওৱা অঞ্জলী দাসৰ লগতে তেওঁৰ দুই শিক্ষাৰ্থী জুৰী দাস আৰু অজয় ৰাভাই স্থান লাভ কৰিবলৈ সক্ষম হয়। 

এক ঘণ্টা,দুই ঘণ্টা,চাৰি ঘণ্টা আৰু আঠ ঘণ্টীয়া এই চাৰিটা ইভেণ্টত অনুষ্ঠিত দৌৰ প্ৰতিযোগিতাত ক্ৰীড়াবিদ অঞ্জলী দাসে মহিলাৰ শাখাত আঠ ঘণ্টাত ৬৬.৮ কিঃ মিটাৰ দৌৰি দ্বিতীয়স্থান পাবলৈ সক্ষম হয়। আনহাতে সৰুহেৰামদোৰ জুৰি দাসে এক ঘণ্টীয়া দৌৰ প্ৰতিযোগিতাত ১২.৪৮ কিঃ মিঃ দৌৰি দ্বিতীয় স্থান আৰু বেলৰগুৰিৰ অজয় ৰাভা দুই ঘণ্টীয়া দৌৰ প্ৰতিযোগিতাত ২৭.০৯ কিঃ মিঃ দৌৰি তৃতীয়স্থান পাবলৈ সক্ষম হয়।

WhatsApp Image 2026-01-04 at 1.28.22 PM

সমগ্ৰ ভাৰতৰ পৰা ৬০০ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সকলোৰে বাবে মুকলি থকা এই ইভেণ্টত তিনিও গৰাকী খেলুৱৈয়ে জুবিন গাৰ্গৰ ফটো খোদিত মেডেল,নগদ ধন আৰু ট্ৰফী লাভ কৰে। চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ মিৰ্জাৰ একাউণ্টেট অঞ্জলী দাসে এই অনুষ্ঠানত দুবাৰকৈ যোগদান কৰি স্থান লাভ কৰিবলৈ সক্ষম হয়। ইপিনে স্থান লাভ কৰা জুৰি দাস আৰু অজয় ৰাভা হ'ল অঞ্জলী দাসে প্ৰশিক্ষণ দিয়া শিক্ষাৰ্থী। স্থানীয় ৰাইজ আৰু বিভিন্ন ক্ৰীড়া সংগঠনে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

WhatsApp Image 2026-01-04 at 1.28.23 PM

গুৱাহাটী