/asomiyapratidin/media/media_files/2025/11/24/3-2025-11-24-13-08-20.jpg)
ডিজিটেল ডেস্কঃ ভাৰতে জয় কৰিলে আন এখন বিশ্বকাপ। ২ নৱেম্বৰত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা দলে প্ৰথমটো বিশ্বকাপ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল তাৰ পিছত ইতিহাস ৰচিলে মহিলা দৃষ্টিহীন ক্ৰিকেট দলে । দুটা ঐতিহাসিক বিজয়ে দেশত মহিলা ক্ৰিকেটৰ ক্ৰমবৰ্ধমান মৰ্যাদা প্ৰদৰ্শন কৰিছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2025-11-24-13-07-03.jpeg)
উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ কলম্বোত অনুস্থিত হৈছিল দৃষ্টিহীন বিশ্বকাপ টি ২০। য'ত ভাৰতে নেপালক হৰুৱাই বিজয় সাবস্ত কৰিছিল। নেপালক ৭ উইকেটত পৰাস্ত কৰে ভাৰতে । প্ৰথমে টছ জয়ী হৈ বলিং কৰি ভাৰতে নেপালক ২০ অভাৰত ৫ উইকেটত ১১৪ ৰাণত সীমাবদ্ধ ৰাখে । ইয়াৰ পাছত ভাৰতীয় দলটোৱে মাত্ৰ ১২.১ অভাৰতে লক্ষ্য অৰ্জন কৰে আৰু খিতাপ দখল কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2025-11-24-13-07-27.jpeg)
তাৰোপৰি বিশ্বকাপ জয়ী ভাৰতীয় মহিলা দৃষ্টিহীন ক্ৰিকেট দলত নগাঁও কঠীয়াতলীৰ চিমু দাসৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ। আনফালে এই জয়ে আগন্তুক বছৰবোৰত এই ক্ৰীড়াক অধিক স্বীকৃতি আৰু বিকাশৰ পথ প্ৰশস্ত কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us