চিলাপথাৰত নাথ যোগী উন্নয়ন পৰিষদৰ উদ্যোগত ক্ৰীড়া সামগ্ৰী বিতৰণ অনুষ্ঠান

নাথ যোগী উন্নয়ন পৰিষদ, অসমৰ ধেমাজি জিলা সদস্য সঞ্জয় নাথৰ উদ্যোগত আৰু নাথ যোগী সন্মিলনীৰ সহযোগত চিলাপথাৰ মিছিংপুৰ সাৰ্বজনীন হৰি মন্দিৰত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক বিশেষ সভা।

author-image
Asomiya Pratidin
New Update
87

ডিজিটেল সংবাদ, চিলাপথাৰ : নাথ যোগী উন্নয়ন পৰিষদ, অসমৰ ধেমাজি জিলা সদস্য সঞ্জয় নাথৰ উদ্যোগত আৰু নাথ যোগী সন্মিলনীৰ সহযোগত চিলাপথাৰ মিছিংপুৰ সাৰ্বজনীন হৰি মন্দিৰত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক বিশেষ সভা। সন্মিলনীৰ ধেমাজি জিলা সমিতিৰ সভাপতি সোণাৰাম নাথে সভাপতিত্ব কৰা সভাত কেবাটাও বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে সন্মিলনীৰ সাংগঠনিক দিশৰ ওপৰত কেইবাজনো বক্তাই বহল বক্তব্য আগবঢ়ায়।

সভাত নাথ যোগী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ বেণুধৰ নাথে ধেমাজি জিলালৈ প্ৰেৰণ কৰা খেলৰ সামগ্ৰীসমূহ আজি আনুষ্ঠানিকভাৱে উক্ত সভাতে বিতৰণ কৰে। জিলাখনৰ চাৰিটা অঞ্চলিকৰ ক্ৰমে-  চিলাপথাৰ, শিৱনগৰ, চিলা ভৈৰৱপুৰ আৰু গোগামুখ আঞ্চলিকক ভলীবল, জাৰ্চি,নেটছেট আদি বিভিন্ন ক্ৰিড়া সামগ্ৰী বিতৰণ কৰে।

উক্ত সভাতে বিমল নাথক সভাপতি আৰু ৰামাকান্ত নাথক সম্পাদক হিচাপে লৈ ২১ জনীয়া নাথ যোগী সন্মিলনীৰ মিছিংপুৰ শাখা সমিতিৰ নতুন সমিতি গঠন কৰা হয়। লগতে নিয়তি নাথক সভানেত্ৰী আৰু সবিতা শৰ্মাক সম্পাদিকা হিচাপে লৈ ২১ জনীয়া নাথ যোগী সন্মিলনীৰ মহিলা সমিতিখন পুণৰ গঠন কৰা হয়।

চিলাপথাৰ