/asomiyapratidin/media/media_files/2025/09/01/236-2025-09-01-18-39-04.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটী মহানগৰীৰ সংবাদকর্মীসকলৰ অগ্ৰণী অনুষ্ঠান দিছপুৰ প্ৰেছ ক্লাবে এছ পি এম আই এ এছ একাডেমীলৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত অসামৰিক পৰীক্ষাৰ কোচিং আৰু প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবে "জ্ঞানদ্বীপ শৈক্ষিক প্রতিষ্ঠান বঁটা ২০২৫"ৰে সন্মানিত কৰিছে। গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ধৰ্মেশ্বৰ কোঁৱৰে এই বঁটা প্ৰদান কৰে।
বঁটা গ্ৰহণ কৰি শিক্ষানুষ্ঠানখনৰ সঞ্চালক চিন্ময় বৰদলৈয়ে কয়- "সদায় আমাৰ লগত থকা আমাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু সমগ্ৰ এছ পি এম পৰিয়ালৰ সহায়, কষ্ট আৰু ত্যাগৰ প্ৰতি আমি সদায় কৃতজ্ঞ। আমাৰ এই যাত্ৰাই শিক্ষার্থীসকলৰ সফলতা আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি আমাৰ অবিৰত দায়বদ্ধতাক প্রতিফলিত কৰিছে।"
প্ৰণিধানযোগ্য যে, ২০২৩ৰ এ পি এছ চি চি চি ইত শিক্ষা প্ৰতিষ্ঠানখনে এক অসাধাৰণ মাইলৰ খুঁটি অৰ্জন কৰিছিল। য'ত ২৩৫টা পদৰ ভিতৰত ১৯৪টা পদ লাভ কৰি মুঠ আসনৰ ৮৩% এছ পি এমৰ ছাত্ৰ-ছাত্ৰীয়ে দখল কৰিছিল।
ইয়াৰ পূৰ্বে ২০২২ত এছ পি এমৰ ছাত্ৰ-ছাত্রীসকলে ৯১৩টা পদৰ ভিতৰত ৬৮৯টা আৰু ২০২০ চনত ৩৩১টা পদৰ ভিতৰত ১৭৭টা পদ লাভ কৰিছিল।
ইয়াৰ নিত্য নতুন শিক্ষা ব্যৱস্থা, ছাত্র-ছাত্রীকেন্দ্রিক পদ্ধতি আৰু অন্তর্ভুক্তিমূলক শিক্ষাৰ প্ৰতি এক শক্তিশালী দায়বদ্ধতাৰে এছ পি এমে উত্তৰ-পূবৰ অসামৰিক সেৱাৰ প্ৰতি আগ্ৰহী শিক্ষার্থীসকলৰ বাবে শীর্ষ আৰু আটাইতকৈ পছন্দৰ প্ৰতিষ্ঠান হিচাপে প্রতিষ্ঠিত হৈছে। যিয়ে অঞ্চলটোৰ যুৱক-যুৱতীসকলক আত্মবিশ্বাস আৰু উৎকৃষ্টতাৰে ৰাজহুৱা সেৱাৰ দিশত কেৰিয়াৰ গঢ়িবলৈ শক্তিশালী কৰি তুলিছে।