যন্ত্ৰ, ষড়যন্ত্ৰ আৰু  মিলিপ্ৰভা...

ঘন্টাৰ হিচাপত জুবিনৰ জীৱনকাল আছিল ৪লাখ ৫৬হাজাৰ ৫৫২ঘন্টা। সেই কম সময়চোৱাতে জুবিনে গাই গ’ল ৩৮হাজাৰৰো অধিক গান। সেয়া তেওঁ এক অবিশ্বাস্য প্ৰতিভা আছিল।  

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha (4)

 মৃদুল কুমাৰ সন্দিকৈ

▪️ যন্ত্ৰ কৰি পেলোৱা হৈছিল জুবিনকঃ

১৯৭২চনৰ ১৮নৱেম্বৰত জন্ম হোৱা জুবিন গাৰ্গ এই পৃথিৱীত জীয়াই আছিল ১৮,৯৪৩দিন। বছৰৰ হিচাপত ২০২৫ৰ ১৯ছেপ্টম্বৰত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা জুবিনৰ বয়স হৈছিল ৫২বছৰ, ১০মাহ, ১দিন।

ঘন্টাৰ হিচাপত জুবিনৰ জীৱনকাল আছিল ৪লাখ ৫৬হাজাৰ ৫৫২ঘন্টা। সেই কম সময়চোৱাতে জুবিনে গাই গল ৩৮হাজাৰৰো অধিক গান। সেয়া তেওঁ এক অবিশ্বাস্য প্ৰতিভা আছিল।

৪০টাৰো অধিক ভাষাত গান গোৱা জুবিনে পলমকৈ সংগীতৰ জগতখনত আনুষ্ঠানিকভাৱে গায়ক হিচাপে ভৰি থৈছিল। গড় হিচাপত প্ৰতিদিনাই জুবিনে গাই থৈ গল ২টাকৈ গীত। আৰু হয়তো বহু পাবলৈ তেওঁ পৰা আমি থাকি গল।

তেওঁৰ কালজয়ী গীতবোৰ এতিয়া মানুহৰ মুখে মুখে। তাৰ ভিতৰত যন্ত্ৰও অন্যতম। যিটো গীতত জুবিনে গাইছিল- আমি যেন যন্ত্ৰ/ যন্ত্ৰ, একো একোটা যন্ত্ৰ...।  জুবিনৰ কাষত থকা সকলেও জুবিনক তেওঁৰ সৰলতা আৰু বিশ্বাসৰ সুযোগ লৈ যন্ত্ৰ কৰি পেলাইছিল।

তাৰ ভিতৰত শেষৰফালে সিদ্ধাৰ্থ শৰ্মা নামৰ মেনেজাৰজনে জুবিনক কৰি তুলিছিল ধন ঘটাৰ এটা যন্ত্ৰ। ইচ্ছা নাথাকিলেও সংগীতানুষ্ঠান বা আন অনুষ্ঠানত জুবিনক জড়িত কৰি কেৱল ধন ঘটাত মনোনিৱেশ কৰিছিল সিদ্ধাৰ্থ আৰু তেওঁৰ কোম্পানীয়ে।

এইজন সিদ্ধাৰ্থই জুবিনৰ মেনেজাৰ হিচাপে নিয়োজিত হৈ থাকি সেই কামবোৰ চোৱা-চিতা কৰিবলৈ তেওঁৰ অধীনত আন দুজন একপ্ৰকাৰৰ মেনেজাৰ নিয়োজিত কৰিছিল। সিদ্ধাৰ্থৰ কামবোৰ সেই দুজন লোকে কৰিছিল যদিও, সিদ্ধাৰ্থই জুবিনৰ সংগীতানুষ্ঠান বা আন অনুষ্ঠানৰ জৰিয়তে হোৱা আয়ৰ সিংহভাগ কৌশলেৰে নিজৰ জেপত ভৰাইছিল।

একেদৰে জুবিনৰ গীত ৰেকৰ্ডিঙৰ বাবে থকা শেখৰজ্যোতি গোস্বামী নামৰ সহায়কাৰীজনেও একেই কামেই কৰিছিল।  আন কোনো শিল্পীৰ গীত জুবিনৰ দ্বাৰা ৰেকৰ্ডিং কৰাৰ নামত বা ষ্টুডিঅত গীত বাণীবন্ধনৰ বাবদ একোটা গীতৰ বিপৰীতে ২-৩হাজাৰ টকাকৈ ঘটিছিল।

জুবিনৰ ভগ্ন স্বাস্থ্যৰ প্ৰতি তেওঁলোক আছিল উদাসীন। কোনো দিনেই তেওঁলোকে এই দিশটোৰ প্ৰতি বিশেষ নজৰ দিয়া নাছিল। স্ফূৰ্তিবাজ জুবিনক তেওঁৰ ওচৰত থকা সকলেই তেজপিয়াৰ দৰে শুঁহি খাইছিল।

▪️বিশ্ৰাম লবলৈও আজৰি নিদিছিল জুবিনকঃ

মেনেজাৰ সিদ্ধাৰ্থই জুবিনৰ সন্মতি অবিহনেই বহু কাম কৰিছিল। বহুসময়ত জুবিনে বিশেষ জটিলতাৰ মাজত নিজে সোমাব বিচৰা নাছিল। জুবিনৰ এই উদাসীনতাৰ সুযোগ লৈছিল মেনেজাৰগৰাকীয়ে।

টকা নাপালে বা আগতীয়াকৈ সমুদায় ধন আদায় নিদিলে জুবিনক গীত গাব নিদিছিল সিদ্ধাৰ্থই। জুবিনৰ অজ্ঞাতেই নিজৰ ইচ্ছামতে সংগীতানুষ্ঠানৰ দৰ-দাম, তাৰিখ ঠিক কৰিছিল সিদ্ধাৰ্থই।

জুবিনক মেনেজমেন্টৰ নামত সিদ্ধাৰ্থই জুবিনক সাধাৰণ লোকৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। কেনেদৰে জুবিনক তেওঁ ব্যৱহাৰ কৰিছিল সেই কথা এতিয়া মৃত্যুৰ পাছত উন্মোচিত হবলৈ ধৰিছে।

একেটা দিনত দুটাকৈ সংগীতানুষ্ঠান কৰি বেয়া পাইছিল জুবিনে। কিন্তু সিদ্ধাৰ্থই তাকেই কৰিছিল। একেটা ৰাতিতেই দুখনকৈ মঞ্চত বাধ্যত পৰি গীত গাব লগা হৈছিল। জুবিনৰ সংগীতানুষ্ঠানৰ সূচী চালেই সেই কথা ওলাই পৰে।

চি আই ডিৰ আগত তেনে মনোমালিন্যৰ হোৱা কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে সিদ্ধাৰ্থ-শেখৰে। ২০১৭চনৰ কথা। ২৬ছেপ্টেম্বৰ,২০১৭ৰ পৰা ২৯ছেপ্টম্বৰ, ২০১৭লৈ জুবিনৰ সংগীতানুষ্ঠানৰ বাবে ৫টা স্থানৰ আয়োজকৰ সৈতে কথা পাতিছিল সিদ্ধাৰ্থে।

সেই সংগীতানুষ্ঠানৰ সাম্ভাৱ্য স্থানবোৰ আছিল – মাছখোৱা, ঘিলামৰা, ঢকুৱাখনা, বগীনদী আৰু ভোগপুৰ। একেদৰে ২৬ছেপ্টেম্বৰ, ২০১৭ৰ পৰা ৩অক্টোবৰ, ২০১৭লৈ সংগীতানুষ্ঠানৰ বাবে কথা পাতিছিল গোৰেশ্বৰ, বৰমা, সোণাৰি, বোকাখাত, ধেমাজি, হাওঁৰাঘাট, চিলাপথাৰ, ভেৰগাঁও, মাজুলী, দুলীয়াজান, টিহু, গোগামুখ, দুনী, বকো আদি স্থানৰ আয়োজকৰ সৈতে।

সকলোৱে জুবিনক বিচাৰে। সেই সুযোগ গ্ৰহণ কৰি আয়োজকসকলৰ সৈতে সংগীতানুষ্ঠানৰ দৰদাম কৰিছিল বজাৰৰ দৰে। যিটো জুবিনে গম পোৱা নাছিল। এই ধাৰাবাহিকতা অব্যাহত ৰাখিছিল সিদ্ধাৰ্থই।

টকা যত বেছি, তাতেই জুবিনক গান গাবলৈ লৈ গৈছিল। মাজত নাছিল কোনো বিশ্ৰামৰ দিন। উজনি-নামনি একাকাৰ কৰি জুবিন দৌৰি ফুৰিব লগা হৈছিল অনুষ্ঠানবোৰৰ বাবে।

২০২২ৰ বিহুৰ বতৰত জুবিনৰ সংগীতানুষ্ঠানৰ সূচীখনো মনকৰিবলগীয়া। ১৪এপ্ৰিলত খাৰঘূলিত, ১৫এপ্ৰিলত আজাৰা, সেই দিনাই বৰাগাওঁ, ১৬এপ্ৰিলত বঙাইগাওঁ, ১৭এপ্ৰিলত লুইতপৰীয়া, ১৮এপ্ৰিলত ৰঙিয়া, ১৯এপ্ৰিলত চেপন, ২০এপ্ৰিলত শিৱসাগৰ, ২১এপ্ৰিলত বৰচলা, ২২এপ্ৰিলত বেলতলা, ২৩এপ্ৰিলত বোৰকা, ২৪এপ্ৰিলত শিৱসাগৰ, ২৫এপ্ৰিলত ঢেকিয়াজুলি, ২৬এপ্ৰিলত বৰপেটা, ২৮এপ্ৰিলত নামৰূপ, ২৯এপ্ৰিলত গোলাঘাট আৰু ৩০এপ্ৰিলত শিৱসাগৰত অনুষ্ঠান আছিল জুবিনৰ।

জুবিন তেতিয়া আছিল অসুস্থ। সুস্থ হৈ থকাৰ সময়ত তেওঁ একে ৰাতিতে ১০-১২টা গীত বাণীবন্ধন কৰিছিল, ইখনৰ পাছত সিখন বিহু মঞ্চ দৌৰি ফুৰিছিল। বিহু, পূজাৰ উপৰিও বছৰৰ আন সময়ত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সংগীতানুষ্ঠানৰ বাবে জুবিনক বিচৰাতো নিয়ম হৈ পৰিছিল।

প্ৰিয় শিল্পীজনৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু মৰম আছিল। স্বাস্থ্যতকৈ ধন ডাঙৰ নাছিল। জুবিন নিজেও কৈছিল যি ধন তেওঁ ঘটিছে, সেয়া দি থৈ যাব। ধনৰ প্ৰতি তেওঁৰ মোহ নাই। সেই মানুহজনকে কব নোৱাৰাকৈ এনেদৰে এটা ৰেষ্টলেছ ঘোঁৰা কৰি পেলাইছিল সিদ্ধাৰ্থহঁতে।

▪️ কাকতৰ লেখা পাব্লিচিটিতো জুবিনক ব্যৱহাৰ কৰিছিল শ্যামকানুৱেঃ

শ্যামকানু মহন্তই জুবিনক কেৱল ব্যৱহাৰ কৰিলে। ঘৰুৱা পৰিৱেশত জুবিনক এটা বিপনন সামগ্ৰী বুলি আখ্যা দিয়া চতুৰ শ্যামকানুৱে নিজৰ লেখাৰ পাব্লিচিটিতো জুবিনৰ দৰে এজন ব্যক্তিক ব্যৱহাৰ কৰিছিল।

সেয়া আছিল ২০১৯ৰ ২২জুলাই। এখন দৈনিক কাকতত শ্যামকানুৱে এটা লেখা লিখিছিল। লেখাটোৰ শীৰ্ষ আছিল- ব্ৰহ্মপুত্ৰৰ বানঃ দীৰ্ঘম্যাদী সমাধান, এটা উচ্চাকাংক্ষী প্ৰকল্প। কাকতখনত প্ৰকাশিত এই লেখাটোৰ পেপাৰ কাটিং জুবিনক দি তেওঁৰ ফেচবুকত আপলোড কৰিবলৈ অনুৰোধ কৰিছিল শ্যামকানুৱে।

সাধাৰণতে উপকাৰ কৰি ভাল পোৱা জুবিনে শ্যামকানুৰ কথা পেলাব নোৱাৰি সেইদিনা এই লেখাৰ পেপাৰ কাটটো নিজৰ ফেচবুক একাউন্টৰ পৰা আপলোড কৰিছিল। যিটো কাম সাধাৰণতে জুবিনে কোনোদিন কৰা নাছিল।

সামাজিক সমস্যা, জাতি-মাটিৰ স্বাৰ্থত জুবিনে মাত মাতিছিল। আৰ্তজনক সহায় কৰিছিল। সাধাৰণভাৱে আসাধাৰণ কামবোৰ কৰা জুবিন গাৰ্গক এই পৰ্যায়ত ব্যৱহাৰ কৰিছিল শ্যামকানুৱে। ব্যক্তিগত সুসম্পৰ্কৰ বাবেই জুবিনক এইদৰে ব্যৱহাৰ কৰাৰ সুযোগ শ্যামকানুৱে এৰি দিয়া নাছিল।

▪️ মনত আছেনে মিলিপ্ৰভাকঃ

সম্পূৰ্ণ নামটো মিলিপ্ৰভা চুতীয়া। সেইদিনা মিলিপ্ৰভাই খাকী পোছাকযোৰ পিন্ধি আছিল। দায়িত্ব পৰিছিল সেই স্থানত। চাবুৱা থানাত কৰ্মৰত মিলিপ্ৰভাই ঠিকেই কৰ্তব্য সম্পাদন কৰি গৈছিল।

আৰম্ভ হৈছিল জুবিনৰ সংগীতানুষ্ঠান। এটা গান গাই জুবিন দ্বিতীয়টো গান গাবলৈ সাজু হৈছিল। হঠাতে মিলিপ্ৰভা উঠি গৈছিল মঞ্চলৈ। সাৱটি ধৰিছিল জুবিনক। তাৰপাছত ভৰি দুখন চুই ভগৱানক সেৱা কৰাৰ দৰে সেৱা কৰি সন্তুষ্টি লভিছিল মিলিপ্ৰভাই।

সংবাদমাধ্যমসমূহে প্ৰচাৰ কৰিছিল সেই খবৰ আৰু দৃশ্য। তাৰপাছতে আহিছিল সেই খবৰ। সেই খবৰ আছিল জুবিন গাৰ্গক মঞ্চত সাৱটি ধৰি সেৱা কৰা চাবুৱা থানাৰ মহিলা গৃহৰক্ষী মিলিপ্ৰভা চুতীয়াক নিলম্বন।

বহুতৰ বাবে এই খবৰ কেৱল এটা খবৰহে আছিল। জুবিনৰ বাবে সেই খবৰ খবৰ হৈয়ে ৰৈ যোৱা নাছিল। জুবিনে ইয়াৰ প্ৰতিবাদ কৰিছিল বিনম্ৰ আৰু যুক্তিপূৰ্ণভাৱে। সংবাদমাধ্যমত প্ৰকাশিত সেই খবৰটোৰ এখন আলোকচিত্ৰ দি জুবিনে ১৬মে, ২০২৪ত লিখিছিল- মই জানো ইউনিফৰ্মত থাকিলে কিছু নীতি-নিয়ম মানি চলিব লাগে। কিন্তু প্ৰেম-ভালপোৱা তেনেকুৱা নহয়। এইটো ছাগৈ ইমান শাস্তিযোগ্য অপৰাধ নাছিল।

জুবিনৰ মৃত্যুৰ পাছত সকলোৱে জুবিনক শেষ শ্ৰদ্ধা জনালে। তলৰ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ পৰা উচ্চ পদস্থ আৰক্ষী বিষয়াই খাকী পোছাক পিন্ধিয়েই জুবিনৰ নশ্বৰদেহৰ কাষত উচুপি উচুপি কান্দিলে। মুখ্যমন্ত্ৰীয়ে সকলো প্ৰটকল নেওঁচি প্ৰিয় শিল্পীজনক মায়াৱিনী গাই আৱেগিক বিদায় দিলে।

ভুল মিলিপ্ৰভা সেইদিনা হৈছিল জানো! তেওঁ ছাগৈ আমাতকৈ আগতেই গম পাইছিল, উপলদ্ধি কৰিছিল জুবিন গাৰ্গ কোন আৰু কি। সেই মিলিপ্ৰভাৰ বা কি হল! খবৰ এটা লোৱাৰ আজৰি আজিলৈকে কাৰোৰে নহল।

▪️ হীৰু দাৰ নামত এটা পথঃ

কবি হীৰেন ভট্টাচাৰ্যক জুবিন গাৰ্গে বৰ ভাল পাইছিল। ইমানেই ভাল পাইছিল যে, হীৰু দাৰ সৈতে পতা কথাবোৰ তেওঁ গান হৈ পৰিছিল। উদাহৰণ- হীৰু দাই কোৱা পাপৰ বোৰ শব্দহে, খাদ্য নহয় কথাষাৰ।

হীৰুদাৰ মৃত্যুৰ পাছত হীৰু দাৰ পত্নীয়ে হীৰুদাৰ কাপোৰবোৰ কোনোবা মানুহক বিলাই দিবলৈ জুবিনক কওঁতে জুবিনে কৈছিল- এইবোৰ বিলাই দিব নালাগে। বুঢ়া হলে তেৱে পিন্ধিব। দেহটোও হেনো হীৰুদাৰ সৈতে তেওঁৰ মিলে।

এই হীৰু দাৰ বাবেই এদিন জুবিনে এটা কাম কৰিছিল। খাৰঘূলিৰ তেওঁ ঘৰৰ সন্মুখত এটা সৰু ৰাস্তা আছিল। সেই পথটো এদিন হীৰু দাৰ নামেৰে নামাকৰণ কৰি দিছিল জুবিন গাৰ্গে।

পথটোৰ ফলকখনত লিখি দিছিল- সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য পথ। তাৰ পাছত নিশা সেই ফলকৰ এখন আলোকচিত্ৰ সামাজিক মাধ্যমত দি লিখিছিল- মোৰ খাৰঘূলি ঘৰৰ সন্মুখত থকা পথটো। সুখী হলো এয়া মই কৰিব পাৰিলো। এক সুগভীৰ শ্ৰদ্ধাঞ্জলি আপোনাৰ প্ৰতি হীৰু দা...।

এইজনেই আছিল জুবিন। সেই জুবিনৰ বাবেও মানুহে জীৱিত কালতে এটা পথ নামাকৰণ কৰিছিল। গুৱাহাটীৰ গড়চুকৰ নবাগাওঁ তিনিআলি পথটো জুবিন গাৰ্গ পথ নামেৰে নামাকৰণ কৰা হৈছিল ১১অক্টোবৰ, ২০২২ত।  সেই পথটোত আজিও ওলমি আছে জুবিন গাৰ্গ পথ নামৰ ফলক। লিখা আছে ফলকত- জুবিন গাৰ্গ পথ, নবাগাওঁ তিনিআলি, গড়চুক, গুৱাহাটী, ৭৮১০৩৫।

 ▪️ মৃত্যুৰ পাছৰ কথাবোৰঃ

জুবিন গাৰ্গৰ মৃত্যুৰ পাছত উন্মোচিত হোৱা কথাবোৰ বৰ অসহ্যকৰ হৈছে। মানুহক জুবিন কৈ ভাল পাইছিল তেওঁৰ নতুন ষ্টুডিঅটোৰ কথা। সেই হেপাঁহৰ ষ্টুডিঅটোলৈ অনা মাইক আৰু আন সা-সামগ্ৰীবোৰৰ কথা কওঁতে জুবিনৰ মুখখন উজ্বলি উঠিছিল।

কৈছিল কেইবাটাও সাক্ষাতকাৰত ১৬লাখ টকা দি কেলিফৰ্ণিয়াৰ পৰা সোণৰ মাইকটোৰ কথা। তদন্তত পোহৰলৈ আহিল সেই মাইকটো কিনাৰ নামতো তেওঁ বিশ্বাসী সিদ্ধাৰ্থ, শেখৰহতেঁ বিশ্বাসঘাটকতা কৰিছিল।

৫লাখ টকীয়া মাইকটোৰ মূল্য ৩গুণ বঢ়াই জুবিনক কৈছিল। জুবিনে ১৬লাখ দিয়েই সেই মাইকটো কিনা বুলি ভাৱি গুছি গল। এইবোৰতো মাত্ৰ এটা উদাহৰণ। আৰু কিমান জুবিনক আভুৱা ভৰাইছিল তেওঁলোকে। কিমান বিশ্বাসঘাটক আছিল জুবিনে বিশ্বাস কৰি কাষত ৰখাসকল।

তেওঁৰ মৃত্যুৱে কোনো কথা লুকুৱাই ৰাখিব নোৱাৰিলে। বৰঞ্চ সকলোবোৰ কথা পোহৰলৈ আহিল। বিশ্বাসঘাটকৰ তালিকাত সংযোজিত হৈ গৈয়ে আছে ইটোৰ পাছত সিটো নাম।

জুবিনৰ ভিছেৰা ৰিৰ্পটঃ

ন্যায় বিচৰা সকল ৰৈ আছে জুবিনৰ চুড়ান্ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ। আহি পালে ১০অক্টোবৰ, ২০২৫ত দিল্লীৰ পৰীক্ষাগাৰৰ পৰা এই ৰিৰ্পট। মুখ্যমন্ত্ৰীক দিয়া হল প্ৰতিবেদন। সকলোৱে বাট চাইছে, কি আছে তাত জানিবলৈ।

মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞ সকলে সেই ৰিৰ্পটো অধ্যয়ন কৰিব। ইতিমধ্যে জুবিনক বিহ দি হত্যা কৰা বুলি কোনো লোকে দিয়া ভাষ্যক লৈ তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

তদন্তৰ বহুবোৰ কথা আমাৰ দৰে সাধাৰণ লোকে জনাৰ দৰকাৰ। একেদৰে বহুবোৰ কথা নজনাকৈয়ে থাকিলে ৰৈ যায় আস্থা আৰু অকৃত্ৰিম ভালপোৱা। কোনেও নাজানে কি আছে তাত। কিন্তু সেই ৰিৰ্পটৰ নামত জুবিনক আকৌ অস্ত্ৰোপচাৰ কৰি দুগন্ধ বিয়পোৱাৰ সুযোগ দিবও নালাগে আৰু আমি লবও নালাগে...

জুবিন গাৰ্গ