/asomiyapratidin/media/media_files/2025/06/16/uwr5Yv8E6V4HfM78zg0g.jpg)
মৃদুল কুমাৰ সন্দিকৈ
কথাবোৰতো মিছা নহয় ! এটা জাতিক আৰ্থিক আৰু সামাজিকভাৱে ধ্বংস কৰাৰ যজ্ঞ পতাত ব্যস্ত আজি শাসক গোষ্ঠী। সেই একেই পথৰে পথিক বিৰোধীৰ আসনত থকা ৰাজনৈতিক দলবোৰৰ নেতৃবৃন্দ। পাৰ্থক্য মাত্ৰ এটাই- শাসক গোষ্ঠীয়ে ইয়াক কাৰ্যকৰী কৰাৰ সুবিধা পায় আৰু নিৰ্বাচন আহিলে বিৰোধীয়ে শাসকগোষ্ঠীতকৈ ওপৰলৈ গৈ প্ৰতিশ্ৰুতি দিয়াৰ সুযোগ লয়।
প্ৰসংগ হিতাধিকাৰী। কেৰালা ভ্ৰমণলৈ যোৱা অসমৰ এজন বিধায়কে সঁচা কথাটো কোনোবা ৰাজহুৱা মঞ্চত ক’ব নোৱাৰিলেও নিজৰ এক্স হেণ্ডেলত বৰ সুন্দৰকৈ ভৱিষ্যতত সন্মুখীন হ’ব পৰা বাস্তৱক তুলি ধৰিলে।
খুমটাইৰ সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কোৱা কথাখিনিয়ে শাসকীয় পক্ষক নিশ্চিতভাৱে বিপাঙত পেলাইছে। কিয়নো তেওঁ কৈছিল- I want to help people, but I don’t believe in 100 % freebies. These practices will win some elections but ruin a generation. I am in Kerala right now to see how Rural Tourism works .. and people earn with dignity .As long as we don’t understand dignity of labour no power on Earth can save us, the Assamese people.
যাৰ ভাবাৰ্থ হ’ল- মই মানুহক সহায় কৰিব খোজো। কিন্তু ১০০শতাংশ বিনামূলীয়া হ’লে নিৰ্বাচনত জয়ী হ’ব পাৰি, কিন্তু ই এটা প্ৰজন্মক ধ্বংস কৰি দিয়ে। শ্ৰমৰ মৰ্যদা বুজি নাপালে পৃথিৱীৰ কোনো শক্তিয়ে অসমীয়া মানুহক বচাব নোৱাৰে।
বিজেপিৰ এজন বিধায়কে উপলদ্ধি কৰা এই কথাখিনিত বহুতে ৰাজনীতিৰ গোন্ধ আৰু সুযোগ ল’ব পাৰে। কিন্তু প্ৰকৃততে এই কথাখিনিত প্ৰতিজন বিবেকৱান লোকেই সাম্প্ৰতিক সময়ত অনুভৱ কৰা ৰূঢ় বাস্তৱৰ প্ৰতিফলন ঘটিছে।
নিজৰ ৰাজনৈতিক ভৱিষ্যতক বিপন্ন কৰি মৃণাল শইকীয়াই কি পৰিস্থিতিত এই কথাখিনি সুদূৰ কেৰালাৰ পৰা ক’ব লগা হ’ল ! ইয়াত কোনোবা নেতাৰ উপেক্ষিত ৰাজনৈতিক জীৱনৰ ক্ষোভৰ প্ৰতিফলন ঘটা বুলিও ব্যাখ্যা আগবঢ়াব পাৰে।
সেয়েহে, মৃণাল শইকীয়াকেই এনে অনুভৱৰ অন্তৰালৰ কাৰণ আৰু কেৰালা ভ্ৰমণৰ অভিজ্ঞতাৰ সন্দৰ্ভত সুধিছিলো। ৫দিনীয়া কেৰালা ভ্ৰমণ সামৰি তেওঁ অসম পাইছিলহে মাত্ৰ। তেওঁক সোধা হৈছিল কেৰালাত আপুনি এনে কি দেখিলে যাৰ বাবে এই সত্য কথাখিনি উপলদ্ধি কৰাই নহয়, মৰসাহ কৰি সামাজিক মাধ্যমত লিখিলে।
উত্তৰত খুমটাইৰ সমষ্টিৰ বিধায়কগৰাকীয়ে তেওঁৰ কেৰালা ভ্ৰমণৰ বহুকেইটা দিশৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক’লে। অসম বিধানসভাৰ এখন কমিটিৰ অধ্যক্ষ হিচাপে তেওঁলোকৰ ৪গৰাকী বিধায়ক কেৰালা ভ্ৰমণলৈ গৈছিল।
তেওঁকে ধৰি সেই ৪গৰাকী বিধায়ক আছিল ৰামকৃষ্ণ ঘোষ, বসন্ত দাস আৰু মজিবুৰ ৰহমান। তেওঁলোকে কেৰালাৰ গ্ৰাম্য পৰ্যটনৰ সন্দৰ্ভত অভিজ্ঞতা অৰ্জন আৰু অধ্যয়নৰ বাবে ৫দিনীয়া ভ্ৰমণসূচীৰে এই যাত্ৰা কৰিছিল।
বাওঁদল শাসিত এই ৰাজ্যখনৰ কটাইম জিলা বাইক’ম গাঁৱলৈ গৈ দেখা পাইছিল কেৰালাৰ প্ৰতিখন পৰ্যটনৰ কেন্দ্ৰবিন্দু হোৱা গাঁও পৰিচালিত কমিউনিটী লিডাৰে। এই গাঁওবোৰ পৰিষ্কাৰ পৰিচন্ন কৰি ৰখাৰ লগতে পৰ্যটকক সকলো দিশৰ পৰাই সহায় কৰে।
গাঁও পঞ্চায়তসমূহে গ্ৰাম্য পৰ্যটন গঢ় দিয়াত মূল ভূমিকা পালন কৰে। মৃণাল শইকীয়াৰ নেতৃত্বত যোৱা এই দলটোৱে কেৰালা কন্থাল গাঁৱলৈও গৈছিল। যিখন গাঁও ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে পৰিচিত।
মুন্নাৰত তেওঁলোকে কেৰালা পৰ্যটন বিভাগৰ বিষয়-ববীয়াৰ সৈতে আলোচনাত মিলিত হৈছিল। কেৰালাৰ ৰেচপনচিবল টুৰিজ্যিম মিছনৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে কথা পাতিছিল। তেতিয়াই মৃণাল শইকীয়াই উপলদ্ধি কৰিছিল কেৰালাতকৈ অসমৰ গাওঁবোৰ পৰ্যটনৰ দিশত বহু সম্ভাৱনা থকাৰ পাছতো সেই সম্ভাৱনাক আমি ব্যৱহাৰ কৰিব জনা নাই।
তেওঁ দেখিছিল কেনেদৰে কেৰালাৰ নাৰিকল বাগানত নাৰিকল গছত থকা জখলা বগাই দেশ-বিদেশৰ পৰ্যটকে আমোদ লৈছিল। সৰু সৰু নদী, খাল-পুখুৰী আদিক কেন্দ্ৰ কৰি কেৰালাই গ্ৰাম্য পৰ্যটনৰ দিশটোক টনকিয়াল কৰিছে।
তেতিয়াই তেওঁৰ মনত পৰিছিল অসমত এঘৰ মানুহৰ অতি কমেও এবিঘাকৈ মাটি জুৰি এখন বাৰী থাকে। সেই বাৰীত ফল-মূল, শাক-পাচলি, পুখুৰী আদিও থাকে। কিন্তু তাক আমি গ্ৰাম্য পৰ্যটনৰ দৃষ্টিৰে উত্তৰণ কৰাৰ কোনো সুযোগেই লোৱা নাই।
এইবোৰ দিশত আমাক চিন্তা-চৰ্চা কৰাৰ অৱকাশ দিব পৰা আঁচনিৰ বিপৰীতে চৰকাৰে হিতাধিকাৰী সজোৱা আঁচনিয়ে আমাৰ পংগু কৰিছে। সেই কথাবোৰ ভাবিয়েই হেনো সেইদিনা কেৰালাৰ পৰা তেওঁ এই কথাখিনি লিখিছিল।
কেৰালা ভ্ৰমণৰ পৰা অহাৰ পাছত তেওঁ লাভ কৰা অভিজ্ঞতাৰ আধাৰত নিজ সমষ্টি খুমটাইত তেনে কিছু মডেল গাঁৱৰ বিকাশ কৰাৰ চেষ্টা কৰিব। মৃণাল শইকীয়াৰ মতে, ইয়াত কোনো ৰাজনীতিৰ দৃষ্টিভংগী নাছিল।
তেওঁ এই কেৰালাৰ গ্ৰাম্য পৰ্যটনক লৈ অসমৰ হিতাধিকাৰীক সামৰি দিয়া মন্তব্যই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰিছে নেকি বুলি সোধাত তেওঁ ক’লে- হিতাধিকাৰী সৃষ্টিয়ে এটা ৰাজনৈতিক দলক নিৰ্বাচনত জয়ী হোৱাত সহায় কৰে। বিৰোধী দলবোৰেও ক্ষমতালৈ আহিলে তাকেই কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে।
শইকীয়াৰ মতে, ১২৫০টকা দিছে দিয়ক। কিন্তু তাৰ সৈতে আৰু কিছু চৰ্ত থাকিব লাগে। আন নহ’লেও বাৰীখন পলিথিন ফ্ৰী, ঘৰৰ পদূলিৰ পৰা ১০০মিটাৰ চাফ-চিকুণ কৰি ৰখা, এনে কিছু ইতিবাচক কাম কৰিবলৈ সেই হিতাধিকাৰীসকলক বাধ্য কৰাব লাগে।
হিতাধিকাৰীৰ নামত কৰ্ম সংস্কৃতিক বিসৰ্জন দিবলৈ উদগণি জনোৱাতো নিবিচাৰে তেওঁ। ৰাজনীতি কৰিলেও তেওঁৰ মনত হেনো এইবোৰ চিন্তা-চেতনাই ক্ৰিয়া কৰি থাকে। সেয়েহে ভৱিষ্যতৰ কথা ভাবি এনেবোৰ হিতাধিকাৰীকেন্দ্ৰিক কথা-বতৰাত তেওঁ বৰ বেছি মনোনিৱেশ নকৰে।
তেওঁ লক্ষ্য কৰে, হিতাধিকাৰী তালিকা প্ৰস্তুতৰ সময়ত বহুলোক আহে তেওঁক সাক্ষাতৰ বাবে। গাড়ী, স্কুটি, বাইক আৰু হাতত মোবাইল লৈ অহা লোকসকলে আপত্তি কৰে যে, তেওঁ যদি পাইছে মই কিয় নাপাঁও? এই কথাটোৱে এজন বিধায়ক হিচাপে তেওঁৰ মনত ৰেখাপাত কৰি আছে বহুদিন।
সেই তালিকা প্ৰস্তুত কৰিবলৈ তেওঁ সমষ্টিৰ দায়িত্বশীল লোকৰ হাতত দায়িত্ব অৰ্পণ কৰে। তেনে তালিকাত নাম নথকাসকলৰ আপত্তি শুনি ভাবে, আমি কামৰ প্ৰতি গুৰুত্ব দিয়াৰ সলনি ফ্ৰীত কি পাওঁ তাৰ প্ৰতি বেছি মনোনিৱেশ কৰিবলৈ ধৰিছো।
মুখ্যমন্ত্ৰীক হেনো তেওঁ বেয়া নাপায়। তেওঁ এই কথাতো কিদৰে লৈছে সেয়া নাজানে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সেয়া মৃণাল শইকীয়াৰ ৰাজনৈতিক মন্তব্য নহয়, আধ্যাত্মিক মনৰ বক্তব্য বুলিহে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
স্পষ্ট ভাষাত সঠিক কথা কোৱাত ৰাজনৈতিক পৰিচয় মৃণাল শইকীয়াৰ বাবে বাধা হোৱা নাই। কিয়নো স্বাভিমানী এই বিধায়কগৰাকীয়ে অনুভৱ কৰে, প্ৰয়োজন হ’লে ৰাজনীতি ত্যাগ কৰিবলৈও তেওঁ সাজু আছে।
অসমৰ সমাজ জীৱন আৰু ৰাজনৈতিক ইতিহাসত সক্ৰিয় ৰাজনীতিত থাকি ইমান স্পষ্টভাৱে সঁচা কথা ক’ব পৰা লোক তেনেই নগণ্য। হয়তো ইয়াৰ বাবে মৃণাল শইকীয়াই পৰিণাম ভোগ কৰিব লাগিব। তাৰ বাবেও তেওঁ সাজু।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী সৃষ্টি কৰিবলৈ শাসনলৈ অহা বুলি কৰা মন্তব্যৰ বিপৰীতে মৃণাল শইকীয়াৰ এনে স্থিতিৰ মাজত আকাশ-পাতাল পাৰ্থক্য। বহুতে তেওঁক এয়া ‘8PMৰ চিন্তা’ বুলি উপহাস কৰিলেও হিতাধিকাৰী বনাম অৰ্থনৈতিক স্বাৱলম্বিতাৰ যুঁজখনৰ এজন সঠিক প্ৰবক্তা ৰূপত উজ্বলি উঠিল এইগৰাকী বিধায়ক...