/asomiyapratidin/media/media_files/2025/08/18/bikhekh-lekha-6-2025-08-18-13-20-02.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আজিৰ পৰা ৩৭বছৰৰ আগৰ কথা। ৰাজ্যত তেতিয়াৰ পৰিৱেশ যথেষ্ট উত্তপ্ত আছিল। সেই পৰিৱেশ পৰিস্থিতিৰ মাজত অসমৰ সম্পদেৰে চাহ বাগানৰ ব্যৱসায় কৰা মেকনিল এণ্ড মেগৰ লিমিটেডৰ অধ্যক্ষই বি এম খৈতানে এক ঘোষণা কৰিছিল।
শোণিতপুৰ জিলাত ১৯৯০চনৰ, ১১ফেব্ৰুৱাৰীত মেগৰে এখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। সেই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি মেগৰৰ অধ্যক্ষ খৈতানে কৈছিল- অসমীয়া ভাষা সাহিত্য চৰ্চা কৰা বিশিষ্ট সৃষ্টিশীল লেখকসকলৰ বাবে মেগৰে প্ৰতিবছৰে এটা বঁটা আগঢ়াব।
তাৰ পাছত ১৯৯০চনৰ আগষ্টত অসমৰ সংবাদমাধ্যমত মেগৰে এটা বিজ্ঞাপন প্ৰকাশ কৰিছিল। ৩৭বছৰ পুৰণি বিজ্ঞাপনটোৰ কথা বহুতে পাহৰিলে। এটা পৃষ্ঠাজোৰা বিজ্ঞাপনটো আছিল এনেধৰণৰ-
অসম উপত্যকাৰ সাহিত্য বঁটা
অসমীয়া ভাষাৰ অনন্যসাধাৰণ আৰু সৃজনীমূলক লিখনীৰ বাবে
মেগৰ শৈক্ষিক ন্যাসৰ এটি ঘোষণা
এই সাহিত্য বঁটা পোনপ্ৰথমবাৰৰ বাবে ১৯৯০ চনৰ পৰা আৰম্ভ কৰা হ'ব। বিজয়ী ব্যক্তিক বঁটা প্ৰদান কৰা হ'ব ১৯৯১ চনৰ মার্চ মাহত হ'ব রগা এক অনুষ্ঠানত। প্ৰতি বছৰে দিব লগা এই বঁটা, নিজৰ অসাধাৰণ ঢাক সৃজনীমূলক লেখনীৰে অসমীয়া ভাষাত অৰিহণা যোগোৱা ব্যক্তিক প্রদান কৰা হ'ব। বঁটাৰ বিজয়ী কোন তাক নিৰ্দ্ধাৰণ কৰা হ'ব একোখন পাৰদৰ্শিতাপূর্ণ ব্যক্তিৰে গঠিত কমিটীৰ পৰামৰ্শমতে আৰু চূড়ান্তভাবে বিজয়ীক বাছি উলিয়াব এখন বঁটা নিৰ্বাচন কৰা বোর্ডে। এই বঁটাৰ মূল্য হ'ব এক লাখ টকা (১,০০,০০০ টকা), বঁটাৰ বাবে কেৱল জীৱিত ব্যক্তিকহে নির্বাচন কৰা হ'ব। বঁটা বিজয়ীক নির্বাচন কৰি উলিয়াবৰ বাবে, পাঠক, সাহিত্য সমালোচক, সাহিত্যমূলক অনুষ্ঠান আৰু অসমৰ বিশ্ববিদ্যালয় কেইখনৰ সাহিত্য বিভাগ সমূহে নিজৰ নিজৰ অনুমোদন সহকাৰে বঁটাৰ প্ৰস্তাৱ অহা ৩০ চেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ তলৰ ঠিকনাত পঠাবলৈ অনুৰোধ কৰা হ'ল।
মেকনিল এণ্ড মেগৰ লিমিটেড
লুইত চ’ৰা/ মহাত্মা গান্ধী ৰোড
গুৱাহাটী- ৭৮১০০১/ অসম’
পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰা অনুসৰিয়ে উইলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ উদ্যোগত অসম উপত্যকা সাহিত্য বঁটা’ৰ প্ৰাপক নাম ঘোষণা কৰা হ’ল। ১৯৯০বৰ্ষৰ প্ৰথমবাৰ প্ৰদান কৰা এই বঁটা দিয়া হয় বিশিষ্ট সাহিত্যিক ভৱেন্দ্ৰ নাথ শইকীয়াক।
তাৰ পাছত বছৰৰ শেষৰটো দিনত এই বঁটা প্ৰাপকৰ নাম ঘোষণা কৰি নতুন বছৰৰ মাৰ্চত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি অহা হৈছিল। ১৯৯১চনৰ পৰা ২০১৬চনৰ লৈকে মেগৰ শৈক্ষিক ন্যাসে ক্ৰমে- হোমেন বৰগোহাঞি, ছৈয়দ আব্দুল মালিক, নৱকান্ত বৰুৱা, যোগেশ দাস, সৌৰভ কুমাৰ চলিহা, উমাকান্ত শৰ্মা, নীলমণি ফুকন, মহিম বৰা, অজিৎ বৰুৱা, হীৰেন ভট্টাচাৰ্য, শীলভদ্ৰ, চন্দ্ৰপ্ৰসাদ শই্কীয়া, নিৰুপমা বৰগোহাঞি, লক্ষ্মীনন্দন বৰা, অৰুণ শৰ্মা, নলিনীধৰ ভট্টাচাৰ্য, নগেন শইদকীয়া, ৰংবং তেৰাং, ইমৰান শ্বাহ, হৰেকৃষ্ণ ডেকা, পূৰবী বৰমুদৈ, সমীৰ তাঁতী, অতুলানন্দ গোস্বামী, হীৰেন্দ্ৰ নাথ দত্ত, অপূৰ্ব শৰ্মা, অৰূপা পটংগীয়া কলিতাক এই বঁটা প্ৰদান কৰে।
২০১৭বৰ্ষত বঁটা প্ৰদানক কেন্দ্ৰ কৰি কিছু অস্থিৰতা আৰু বঁটা প্ৰাপকক নিৰ্বাচিত কৰা জুৰি বৰ্ডৰ মাজত সংঘাতৰ সৃষ্টি হয়। সেই কাৰণবোৰ আছিল অতি ব্যক্তিগত, ৰাজনৈতিক আৰু উদ্দেশ্য প্ৰণোদিত। মেগৰৰ সৈতে সহমতত উপনীত হ’ব নোৱাৰি জুৰি সদস্যসকলে মেগৰৰ সিদ্ধান্ত তেওঁলোকৰ সিদ্ধান্ত নহয় বুলি প্ৰকাশ কৰিছিল।
প্ৰতিবছৰে একোজন অসমীয়া ভাষাৰ সাহিত্যিকক প্ৰদান কৰা এই বঁটা ইতিমধ্যে অসমীয়া সাহিত্যৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু শ্ৰেষ্ঠ বঁটা হৈ পৰিছিল। সেই খাম-খেয়ালিৰ বাবেই পূৰ্বৰ দৰে নিৰ্ধাৰিত সময়ত মেগৰে ২০১৭চনত বঁটা প্ৰাপকৰ নাম প্ৰকাশ কৰিব পৰা নাছিল।
পলমকৈ হ’লেও বঁটা প্ৰাপকৰ নাম ঘোষণা কৰি ২০১৮চনৰ ২৪মাৰ্চত অসম উপত্যকা সাহিত্য বঁটা মেগৰে তিনিগৰাকী সাহিত্যকলৈ আগবঢ়াইছিল। সেইসকল আছিল- য়েচে দৰজে ঠংচি, ৰীতা চৌধুৰী আৰু সনন্ত তাঁতী। প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত তিনিওগৰাকীকে এই বঁটা প্ৰদান কৰিছিল বিশিষ্ট সাহিত্যিক জি এন ৰয়ে।
তাৰ পাছত যোৱা ৮টা বছৰ অসম উপত্যকা সাহিত্য বঁটা কি হ’ল, তাৰ খবৰ কোনেও পোৱা নাই। মুঠ ৩১গৰাকী সাহিত্যিকক এই বঁটা প্ৰদান কৰাৰ পাছত মেগৰৰ দৰে এটা অনুষ্ঠানে কি ৰহস্যজনক কাৰণত এনে কৰিলে তাক লৈও কোনেও এতিয়ালৈকে এটাও আনুষ্ঠানিক প্ৰশ্ন নকৰিলে।
এয়া জাতীয় দল-সংগঠনৰো দায়িত্ব আছিল যে, মেগৰে কিয় এনে কৰিলে বা এনে কৰিবলৈ বাধ্য হ’ল। তেওঁলোকে নিজেই লোৱা সিদ্ধান্তক যোৱা ৮টা বছৰে কাৰ্যকৰী নকৰাতো অসমীয়া স্বাভিমান আৰু অসমীয়াত্বক অপমান কৰা হোৱা নাইনে!
বহুতে বহু কথা লিখে। যিবোৰ অসত্য বুলি মানি ল’ব নোৱাৰি আৰু সত্য বুলিও ভাৱিব পৰাকৈ তথ্য প্ৰমাণ নাই। কিন্তু ঘটনা প্ৰৱাহে এই বাৰ্তা দি যায় যে, অসমত চাহপাতকে ধৰি আন ব্যৱসায় কৰা মেগৰে এতিয়া সেই ৯০দশকৰ দৰে দায়িত্ববোধৰ পৰিচয় দিয়া প্ৰয়োজন শেষ হৈ পৰিছে।
যাৰ বাবে মেগৰে কাৰো ওচৰত কোনো জবাবদিহি নোহোৱাকৈ এই বঁটা বন্ধ কৰি দিওতে এবাৰলেও চিন্তা কৰা নাই। খাৰখোৱা আমি অসমীয়াই সেইবোৰ দিশ যোৱা ৮বছৰে ঢুকিয়েই নাপালো। অসমীয়া সাহিত্যৰ উত্তৰণ আৰু সম্পৰীক্ষাৰে জড়িত লেখকসকলৰ বাবে দিয়া এই বঁটাটোকো স্থায়ীত্ব দিব পৰাকৈ আমাৰ শক্তি নাই।
কোনে সোধে, এতিয়া মেগৰক! কিয় বা উত্তৰ দিব এতিয়া মেগৰে! হয়তো শেষ বুলি তেওঁলোকে ধৰি লৈয়েই ২০১৭ বৰ্ষ অসম উপত্যকা সাহিত্য বঁটা ৩জনক প্ৰদান কৰিলে। য’ত এই বঁটাৰ ইতিহাসত কোনোবা ক্ষমতাৱান লোকৰ ঘনিষ্ঠ হোৱা জনৰ নামো লিপিৱদ্ধ কৰা হ’ল। মেগৰকহে কোনোৱে নুসুধিলে- অ’ মেগৰ, ৮বছৰে কিয় দিয়া নাই অসম উপত্যকাৰ সাহিত্য বঁটা...